শিক্ষকৰ ঘৰৰ পৰা 14 লক্ষাধিক মূল্যৰ সামগ্ৰী লৈ উধাও চোৰ

By

Published : Mar 10, 2023, 3:23 PM IST

thumbnail

বৰপেটা ১০ মাৰ্চ: বৰপেটাত চুৰিকাণ্ড (Barpeta theft incident) ৷  এইবাৰ চোৰৰ চকু পৰিল শিক্ষকৰ ঘৰত । বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেঙা মুছলমান গাঁৱৰ শিক্ষক জিন্টু হুছেইনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ বৃহস্পতিবাৰে নিশা চোৰে চাফাই অভিযান চলায় ৷ চোৰে ঘৰৰ পিচফালৰ দুৱাৰ আৰু গ্ৰীলৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে  ৷

চোৰে চাৰি লক্ষাধিক টকাৰ সোণ-ৰূপৰ আ-অলংকাৰসহ দহ লক্ষাধিক টকাৰ বিদ্যালয়ত ব্যৱহৃত হোৱা তিনিটাকৈ K YAN মেচিন চুৰি কৰি লৈ যায় (Thieves theft goods worth over Rs 14 lakh) ৷ এই তিনিটা মেচিন প্ৰশিক্ষণত প্ৰজেক্টৰ হিচাপে ব্যৱহাৰ কৰা হয় বুলি জানিব পৰা গৈছে । চেঙা প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড সমন্বয়ক হিচাপে অলপতে নিযুক্তি লাভ কৰিছিল জিন্টু হুছেইনে ৷ বিভাগীয় কাৰ্যালয়ৰ তিনিটাকৈ K YAN মেচিন সুৰক্ষাৰ বাবে জিণ্টু হুছেইনৰ ঘৰতে ৰখা হৈছিল । 

ইতিমধ্যে চুৰিৰ ঘটনা সম্পৰ্কত শিক্ষক জিন্টু হুছেইনে তাৰাবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ দীৰ্ঘদিন ধৰি বৰপেটা জিলাত চোৰ- ডকাইতৰ উপদ্ৰৱে নিদ্ৰা হৰিছে সাধাৰণ লোকৰ । 

লগতে পঢ়ক: Student Suicide Case: তিনিচুকীয়াত চিপ লৈ আত্মহত্যা মেট্ৰিক পৰীক্ষাৰ্থীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.