Theft in Rangia: দুৰ্গা পূজাৰ আনন্দৰ মাজতে ৰঙিয়াত চোৰৰ চাফাই অভিযান

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 5:21 PM IST

thumbnail

ৰঙিয়া,২৪ অক্টোবৰ: দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে ৰঙিয়াৰ ঠায়ে ঠায়ে চলিল চোৰৰ চাফাই অভিযান । নৱমীৰ নিশা দুটাকৈ পৰিয়ালত পৃথকে পৃথকে চোৰে চলালে চাফাই অভিযান । নৱমী পূজাৰ কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে দুয়োটা পৰিয়ালে ৰাওনা হোৱাৰ পিছতে ৰঙিয়াৰ বটাকুছিৰ এটা পৰিয়ালত আৰু তৰণীত আন এটা পৰিয়ালত চুৰিকাণ্ড সংঘটিত হয় । ৰঙিয়াৰ সমীপৰ বটাকুছিৰ ব্যৱসায়ী গৌতম কলিতা আৰু ৰঙিয়াৰ সমীপৰ তৰণীৰ জিণ্টু কলিতা নামৰ ব্যৱসায়ী দুগৰাকীৰ ঘৰত চোৰে লুতপাট চলাই ।  

ঘৰৰ সকলো লণ্ড-ভণ্ড কৰি চোৰে লুটি নিলে কেইবা লক্ষাধিক নগদ টকাসহ কেইবা লক্ষাধিক টকা মূল্যৰ আ-অলংকাৰ । নিশাৰ ভাগত পৰিয়ালৰ লোক উভটি আহি ঘৰৰ তলা, আলমিৰাৰ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে । লগে লগে ধন-সোণ, আ-অলংকাৰ লুট হোৱাতো নিশ্চিত হোৱাত হাহাকাৰ লাগে পৰিয়ালৰ লোকৰ মাজত । ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানা আৰু তুলসীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়াল দুয়োটাই । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে যদিও বৰ্তমানলৈ চোৰৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ।  

লগতে পঢ়ক: Elephant menace: মানুহ নথকাৰ সুযোগতে ভাঙি পেলালে ঘৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.