Theft incident: চি আৰ পি এফৰ কেম্পৰ সন্মুখতে চোৰে কাটিলে পাইপ; হতবাক সকলো

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 2:17 PM IST

thumbnail

নগাঁও, 30 ছেপ্টেম্বৰ : নগাঁৱত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপৰে এ টি এমত চোৰে লুটপাত চলোৱা ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । নগাঁৱত আৰক্ষীক প্ৰত্যাহ্বান জনাই চোৰে চলালে লুটপাত । নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ নিচেই কাষতেই সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা । নিশা চোৰে আৰক্ষী অধীক্ষকৰ কাষতে থকা এপেক্স বেংকৰ এ টি এমৰ ভিতৰৰ এ চিৰ সকলো পাইপ কাটি লৈ যায় । এ টি এমটোৰ সন্মুখতেই আছে এটা চি আৰ পি এফৰ কেম্প ।

২৪ ঘণ্টাই চি আৰ পি এফৰ কেম্পটোত পহৰা থকাৰ পাচতো চোৰে চুৰি কৰি নিলে এ টি এমটোৰ এ চিৰ পাইপ । শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা । সম্প্ৰতি এই চুৰিকাণ্ডৰ ঘটনাই সমগ্ৰ নগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । নগাঁও এপেক্স বেংকৰ এ টি এমত আৰক্ষীৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । নগাঁৱত প্ৰায়েই চুৰিকাণ্ড সংঘটিত হোৱাৰ কথাও স্বীকাৰ কৰিলে খোদ আৰক্ষী বিষয়াই । আনকি আৰক্ষীতকৈ চোৰ অধিক স্মাৰ্ট হোৱা বুলিও স্বীকাৰোক্তি প্ৰদান কৰে আৰক্ষী বিষয়াই ৷

লগতে পঢ়ক : Barpeta theft incident:গাড়ী লৈ আহিছিল চুৰি কৰিবলৈ; উঠাই নিলে বক্স পালেং

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.