Crime in Dhemaji: ধেমাজিত নগদ ধনসহ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি

By

Published : Mar 27, 2023, 12:18 PM IST

thumbnail

ধেমাজি, ২৭ মাৰ্চ: ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা দুই কিলোমিটাৰ নিলগৰ তেলিজান তিনিআলিস্থিত বৰুৱা হাৰ্ডৱেৰত শনিবাৰে নিশা সংঘটিত হয় চুৰি কাণ্ড (Theft at Dhemaji) ৷ দোকানখনৰ চাটাৰ ভাঙি চোৰে লুটি নিয়ে দুই লক্ষাধিক টকাৰ সামগ্ৰীসহ নগদ পঞ্চাশ হাজাৰো অধিক ধন ৷ CCTVত বন্দী হ'ল চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য (Theft in Telijan Tinali) ৷  

CCTVৰ ফুটেজত চোৰক দেখা গৈছে যদিও স্পষ্ট হোৱা নাই প্ৰকৃততে ক'ৰ পৰা কেনেকৈ চুৰি কাৰ্য আৰম্ভ কৰিছে ৷ শনিবাৰে নিশা ১.১৫ বজাত সংঘটিত হয় এই চুৰি কাণ্ড ৷ দোকানখনৰ স্বত্বাধিকাৰীয়ে পুৱা দোকানলৈ আহি কম্পিউটাৰ, কেচ বক্স আৰু অন্যান্য সামগ্ৰী ভঙা প্ৰত্য়ক্ষ কৰে । লগে সগে তেওঁ ধেমাজি সদৰ থানাত এজাহাৰ দাখিল কৰে ৷ ইয়াৰ পিছতেই আৰক্ষীয়ে CCTVৰ ফুটেজ পৰীক্ষা কৰি চোৰক কৰায়ত্ত কৰিবলৈ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক:Third degree torture: চুৰিৰ প্ৰমাণ উলিয়াব নোৱাৰি যুৱকক কোবাই কোবাই চিকিৎসাধীন কৰিলে বশিষ্ঠ আৰক্ষীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.