Theft in Nagaon: গৰুচোৰে কাটি নিলে গৃহস্থৰ কাণ

By

Published : Dec 6, 2022, 9:10 AM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

নগাঁৱত চোৰে চলাইছে তাণ্ডৱ (Thief scare in Nagaon) । এইবাৰ গৰুচোৰে কাটি নিলে গৃহস্থৰ কাণ । চোৰৰ আক্ৰমণত আহত হ'ল দুজনকৈ লোক । নগাঁৱৰ জুৰীয়াত সংঘটিত এই ভয়ংকৰ ঘটনা । দেওবাৰে নিশা দলনিজুৰীয়াৰ নবী হুছেইন আৰু গুলজাৰ হুছেইনৰ বাসগৃহত গৰু চুৰিৰ চেষ্টা চলাইছিল চোৰে (Cow thieves in Nagaon) । চোৰ অহাৰ শব্দ শুনি সাৰ পোৱা গৃহস্থই বাধা প্ৰদান কৰিছিল । টাটা মোবাইল লৈ অহা চোৰে গাড়ীত উঠাই লৈ যায় গৃহস্থ নবী হুছেইনক আৰু কাটি পেলাই এখন কাণ (Thief cut off the ears of householder) ৷ নিশাই আৰক্ষীৰ সহযোগত জুৰীয়াৰ বাটামাৰীৰ পৰা উদ্ধাৰ কৰে নবী হুছেইনক । আনহাতে চোৰে গাড়ীৰে খুন্দিয়াই আহত কৰে আন এজন গৃহস্থকো । আহত দুয়োকে ভৰ্তি কৰোৱা হয় জুৰীয়াৰ এখন ব্যক্তগত চিকিৎসালয়ত ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.