জালুকবাৰী আৰক্ষী থানাত আচামীৰ আত্মহনন

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 10:43 PM IST

Updated : Dec 4, 2023, 11:05 PM IST

thumbnail

গুৱাহাটী,৪ ডিচেম্বৰ : জালুকবাৰী আৰক্ষী থানাত অঘটন । থানাৰ ভিতৰতে আটকাধীন আচামীৰ আত্মহনন । আৰক্ষীৰ জিম্মাত চিপ লৈ আত্মহত্যা এজন আচামীৰ । চুৰিকাৰ্যৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল বৰপেটাৰ মৌৰিপামৰ জেহেৰুল ইছলামক (২৪) । শনিবাৰে জালুকবাৰী ঈদগাহৰ সমীপৰ এখন দোকানৰ পৰা সামগ্ৰী চুৰি কৰি জালুকবাৰীৰ শৰাইঘাট নগৰত থকা ডেম্পত চুৰি সামগ্ৰী বিক্ৰী কৰিছিল জেহেৰুলে ।

ৰাইজে হাতে-লোটে ধৰি জেহেৰুল ইছলাম আৰু ডেম্পৰ মালিককো আৰক্ষীক গতাই দিয়ে । তাৰ পিছত দেওবাৰে গ্ৰেপ্তাৰ কৰি জালুকবাৰী থানাত ৰাখিছিল জেহেৰুলক ।

আনহাতে, সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ কথা আছিল চুৰিৰ অভিযুক্ত জেহেৰুলক । কিন্তু তাৰ পূৰ্বেই সোমবাৰে পুৱা থানাৰ শৌচাগাৰত কম্বলেৰে ৰছী বনাই আত্মহত্যা কৰে জেহেৰুলে । ঘটনাস্থলীত দণ্ডাধীশ, আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :টকাৰ বেগ থপিয়াবলৈ গৈ ৰাইজৰ ৰোষত পৰিল চিলনী চোৰ

Last Updated : Dec 4, 2023, 11:05 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.