G20 Summit preparations in Guwahati: চুৰি হ’ল জি ২০ সন্মিলনৰ বাবে সজোৱা লাইট-বৈদ্যুতিক তাঁৰ

By

Published : Jan 29, 2023, 10:47 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গুৱাহাটী, ২৯ জানুৱাৰী: অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’বলগীয়া জি ২০ সন্মিলনক লৈ এতিয়া গুৱাহাটী মহানগৰীত চলিছে ব্যাপক তৎপৰতা । গুৱাহাটী মহানগৰীখনক নতুন ৰূপ দিবলৈ তৎপৰ হৈছে বিভাগীয় কৰ্তৃপক্ষ । মহানগৰখন সজাই পৰাই তুলিবলৈ শ-শ শ্ৰমিক দিনে নিশাই ব্যস্ত হৈ পৰিছে । তাৰ মাজতে সংঘটিত হৈছে এক অঘটন । চুৰি হ’ল জি ২০ সন্মিলনৰ বাবে সজাই পৰাই তোলা লাইট আৰু বৈদ্যুতিক তাঁৰ ।

জি ২০ সন্মিলনৰ বাবে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰে পাৰে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই আটক ধুনীয়াকৈ বাঁহৰ আলোক-সজ্জাৰে লাইট লগাই সজাই পৰাই তুলিছিল । কিন্তু পুৱতি নিশা কোনো দুষ্কৃতিকাৰীয়ে চুৰ কৰি লৈ যায় অধিকাংশ লাইট । যাৰ বাবে এতিয়া সম্পূৰ্ণভাৱে লাইটসমূহ খুলি পেলাবলৈ বাধ্য হৈছে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ । শনিবাৰে নিশা প্ৰায় ১২ বজালৈ প্ৰায় ৩৫০টা লাইটেৰে সজাই তোলা হৈছিল দীঘলী পুখুৰীৰ পাৰ ।

সম্প্ৰতি ঘটনা সন্দৰ্ভত পাণবজাৰ আৰক্ষীয়ে তদন্ত অব্যাহৰ ৰাখিছে । উল্লেখ্য যে, জি-২০ ৰাষ্ট্ৰীয় সন্মিলনৰ চাৰিখন বৈঠক গুৱাহাটীত আৰু এখন বৈঠক ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব ৷ জি ২০ সন্মিলনৰ পাঁচখন বৈঠক অসমত অনুষ্ঠিত হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ প্ৰতিখনতে এখনকৈ বৈঠক অনুষ্ঠিত হ'ব । জি ২০ সন্মিলনৰ বাবে প্ৰস্তাৱিত ২০ খন স্থানৰ ভিতৰত ৮ খনেই হৈছে উত্তৰ-পূৱৰ ।

এই বৈঠকৰ যোগেদি উত্তৰ পূৰ্বাঞ্চলৰ কলা-সংস্কৃতি তথা প্ৰাকৃতিক সম্পদৰাজি প্ৰদৰ্শন কৰিবলৈ অসমে সুবিধা লাভ কৰিব । বিশ্বৰ প্ৰধান অৰ্থনৈতিক শক্তি সম্পন্ন দেশসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা, আৰ্থিক স্থিতিশীলতা বজাই ৰখা আদি বিভিন্ন উদ্দেশ্য আগত ৰাখি জি ২০ গঠন কৰা হৈছিল(G20 Summit in NE) । জি ২০ সন্মিলনৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি গুৱাহাটী পৌৰ নিগম আৰু জি এম ডি এ কৰ্তৃপক্ষই গুৱাহাটী মহানগৰীক নতুন ৰূপত সজাই-পৰাই তোলাৰ লক্ষ্যৰে যুদ্ধকালীন তৎপৰতা অৱলম্বন কৰিছে(G20 Summit preparations in Assam ) ।

লগতে পঢ়ক: G20 Summit in Guwahati : জি ২০ক লৈ গুৱাহাটীত চলিছে ব্যাপক তৎপৰতা

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.