Majuli Theft : চোৰৰ পৰা সাৰি নগ’ল বিদ্যালয়ৰ পানী মটৰ

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 5:56 PM IST

thumbnail

মাজুলী,29 আগষ্ট :  উজনী মাজুলীত ক্ৰমাত বৃদ্ধি পাইছে চুৰি কাৰ্য ৷ এদিন যদি কাৰোবাৰ গোহালিৰ গৰু চোৰ হৈছে আনদিনা আকৌ কাৰোবাৰ দোকান বা ঘৰত চোৰ হৈছে ৷ এইবাৰ চোৰৰ চকু পৰিল বিদ্যালয়ৰ পানী মটৰত ৷ মাজুলীৰ হৰিঘাট ৰাঙলিবাহাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড ৷ সোমবাৰে নিশা চোৰে লৈ গ’ল বিদ্যালয়খনৰ পানী মটৰ ৷ দিনক দিনে যেন নদী দ্বীপ মাজুলীত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিছে ৷  

আনহাতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে জনোৱা অনুসৰি চুৰি কাণ্ডৰ সন্দৰ্ভত জেংৰাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ ‘‘এটা ৰাজহুৱা অনুষ্ঠানৰ পৰা পানী মটৰটো চোৰ কৰি লৈ গৈছে সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা ৷ যিয়ে এই কাম কৰিছে তেওঁ অত্যন্ত নিন্দনীয় কাম কৰিছে’’ চুৰি কাণ্ডৰ সন্দৰ্ভত এই দৰে কয় বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে ৷ 

লগতে পঢ়ক:Theft incident: বৰষুণ দিয়াৰ সুযোগ লৈ জেংৰাইমুখত চুৰিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.