Theft incident : কলগাছিয়াৰ খাৰবাল্লী গাঁৱত ৰাইজে হাতে-লোটে ধৰিলে চোৰক

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 3:06 PM IST

thumbnail

জনীয়া, 14 অক্টোবৰ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত ৰাইজে হাতে-লোটে ধৰে এটা চোৰক । চোৰটো খাৰবাল্লী গাঁৱৰ জহৰ আলীৰ পুত্ৰ ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি, ঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি আলমাৰী ভাঙি ছফিকুলে লুটিবলৈ যত্ন কৰে নগদ 22 হাজাৰ 600 টকা ৷ লগতে এখন মেম’ৰী কাৰ্ড আৰু এটা চাবিও ছফিকুলে লুটিবলৈ যত্ন কৰে বুলি অভিযোগ উত্থাপন হৈছে । 

খাৰবাল্লী গাঁৱৰ আছমত আলীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে ছফিকুলে । আছমত আলীৰ সৰু ভন্টিয়ে সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰাৰ পিচতে ওচৰ চুবুৰীয়াক মতাৰ পিচতে ছফিকুলে পলাবলৈ যত্ন কৰে যদিও ৰাইজে ধৰিবলৈ সক্ষম হয় ৷ ছফিকুলে ৰাইজৰ আগত চুৰিকাণ্ডৰ কথা স্বীকাৰ কৰে ৷

লগতে পঢ়ক: Kidnapped in Dibrugarh : অপহৃত কিশোৰীৰ সন্ধান নাই আজিও, মানৱ সৰবৰাহ চক্ৰ জড়িত থকাৰ সন্দেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.