Theft incident : এক লাখ টকাৰ টায়াৰ লুটি উধাও চোৰৰ দল

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 3:31 PM IST

thumbnail

জোনাই, 12 ছেপ্টেম্বৰ : ৰাজ্যৰ ভিন্ন স্থানত চোৰৰ উপদ্ৰৱে ৰাইজৰ নিদ্ৰা হৰিছে ৷ ইয়াৰ সমান্তৰালকৈ জোনাইত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ আৰক্ষীক কেৰেপ নকৰাকৈ চোৰে নিৰ্বিঘ্নে চলাইছে চাফাই অভিযান ৷ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে থকা আব্বাচ টায়াৰ চাৰ্ভিছ নামৰ এখন টায়াৰ দোকানত নিশা চোৰে তলা ভাঙি লুটি নিলে ১০ টাকৈ টায়াৰ ৷ এখন পিকআপ বাহন লৈ অহা চোৰৰ দলটোত চাৰিগৰাকী সদস্য আছিল বুলি চিচিটিভি কেমেৰাৰ ফুটেজত ধৰা পৰে ৷ এই চুৰিকাৰ্যৰ সকলো দৃশ্য বন্দী হৈছে চি চি কেমেৰাত ৷ 

আব্বাচ টায়াৰ চাৰ্ভিছ ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে প্ৰায় এক লাখ টকা মূল্যৰ টায়াৰ লুটি নিছে চোৰৰ দলটোৱে ৷ চোৰৰ দলটোৰ লগতে চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাহনখনৰ সন্ধানত জোনাই আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Dibrugarh road accident: ডিব্ৰুগড়ৰ দুৰ্ঘটনাৰ পিচতে মুখ্যমন্ত্ৰীৰ অধীনত থকা লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.