Theft at Tingkhong : টিংখাঙৰ ঔফুলীয়া নামঘৰত চোৰৰ চাফাই অভিযান

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 4:55 PM IST

thumbnail

ডিব্ৰুগড়, 18 ছেপ্টেম্বৰ : টিংখাঙত নামঘৰত চোৰে চলালে লুটপাত ৷ টিংখাঙৰ ঔফুলীয়া উজনি নামঘৰত পুৱতি নিশা চোৰে অভিযান চলাই নামঘৰৰ দানপাত্ৰ ভাঙি সমুদায় ধন চুৰি কৰে ৷ লগতে নামঘৰৰ কাঁহৰ বাচন-বৰ্তনকে ধৰি ভালে সংখ্যক সামগ্ৰী চুৰি কৰে চোৰৰ দলটোৱে ৷

উল্লেখযোগ্য যে দেওবাৰে মাজনিশালৈকে নামঘৰত নাম-প্ৰসংগ কৰিছিল ভকতসকলে ৷ সোমবাৰে নামঘৰত চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হয় ৷ নামঘৰৰ দৰে পৱিত্ৰ স্থানত চোৰৰ লুটপাতৰ ঘটনাই সকলোকে হতচকিত কৰি তুলিছে ৷

ইতিমধ্যে স্থানীয় ৰাইজে বামুণবাৰী আৰক্ষী চকীত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷ চুৰিকাণ্ডৰ লগত জড়িত অপৰাধীক তৎকালে আটক কৰিবৰ বাবে আৰক্ষীৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে ৷ 

লগতে পঢ়ক : Protest at Tinsukia : অসম চাহ বাগিচা দৈনিক মজুৰি প্ৰাপ্ত প্ৰাথমিক শিক্ষক সন্মিলনীৰ আমৰণ অনশন কাৰ্য্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.