Theft incident: একে নিশাতে দুটাকৈ মন্দিৰ আৰু মছজিদত চোৰৰ চাফাই অভিযান

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:52 PM IST

thumbnail

দলগাঁও, ১৪ ছেপ্টেম্বৰ  : এইবাৰ দৰং জিলাৰ মঙলদৈত চোৰৰ উপদ্ৰৱ ৷ বুধবাৰে মঙলদৈৰ দলগাঁও চাৰিআলিত থকা শতবৰ্ষ গৰকা ঐতিহাসিক বুঢ়াগোঁসাই শিৱমন্দিৰৰ দান পাত্ৰৰ তলা ভাঙি নিশা চোৰে লুটি নিলে দানপাত্ৰৰ ধন ৷ লগতে মন্দিৰটোৰ কাষতে থকা শনি মন্দিৰ আৰু পুৰণি এটা মছজিদৰ দান পাত্ৰ ভাঙি চোৰে চাফাই অভিযান চলাই ৷ দলগাঁও থানাৰ সন্মুখতে থকা মন্দিৰ আৰু মছজিদৰ দানপাত্ৰৰ ধন চুৰিকাণ্ডক লৈ ইতিমধ্যে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷  

ইয়াৰ পিচতে বৃহস্পতিবাৰে মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া আৰু জিলা আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হয় ৷ সাংসদগৰাকীয়ে ঘটনাৰ‌ বুজ লৈ নিজাববীয়াকৈ CCTV আৰু street light ৰ ব্যৱস্থা কৰি দিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে ৷ লগতে সাংসদগৰাকীয়ে দলগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক আৰু অধিক নিৰাপত্তাৰ ব্যৱস্থা কৰি ও VDP ৰ সদস্যসকল সক্ৰিয় হৈ তহলদাৰি ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ নিৰ্দেশনা দিয়ে । লগতে ৰাইজকো সজাগ হৈ থাকিবলৈ আহ্বান জনায় সাংসদগৰাকীয়ে ।
লগতে পঢ়ক: Theft in india: আশ্চৰ্যকৰ ! পত্নীৰ বেশ ধৰি চোৰে লুটিলে ধন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.