Crime in Dibrugarh: মৰাণৰ মছজিদৰ দানপাত্ৰ ভাঙি চোৰে লুটিলে ৫০ হাজাৰ টকা

By

Published : May 16, 2023, 1:41 PM IST

thumbnail

মৰাণ, ১৬ মে': চোৰৰ অতপালিত এতিয়া ত্ৰস্তমান মৰাণৰ ৰাইজ (Theft in Moran)। মন্দিৰ, মছজিদ,নামঘৰ একোৱেই সাৰি যোৱা নাই চোৰৰ দৃষ্টিৰ পৰা । এইবাৰ চোৰৰ চকু পৰিল মছজিদত । যোৱা সোমবাৰৰ নিশা মৰাণৰ জামে মছজিদৰ দানপাত্ৰ ভাঙি চোৰে লুটি নিলে প্ৰায় ৫০ হাজাৰ টকা (Burglary at Jame Masjid in Moran)।

জামে মছজিদৰ তিনিটাকৈ দানপাত্ৰ ভাঙি লণ্ডভণ্ড কৰিলে চোৰে । ফলত ৰাইজ হতচকিত হৈ কাষ চাপিছে আৰক্ষীৰ । মৰাণ নগৰৰ নিচেই কাষতে থকা মছজিদটোত এনেদৰে চোৰে লুটপাত চলোৱাত আৰক্ষীৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে । উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বেও মৰাণ নগৰৰ নিচেই কাষতে থকা কেইবাটাও নামঘৰ আৰু মন্দিৰত চোৰে চাফাই অভিযান চলাই বহু মূল্যৱান সামগ্ৰী চুৰি কৰি নিছিল ।

লগতে পঢ়ক:Sankardev Sangha Conference: শংকৰ সংঘৰ অধিবেশনৰ সাম্ভাব্য অধিৱেশনস্থলী পৰিদৰ্শন সংঘৰ বিষয়ববীয়াৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.