ETV Bharat / state

Sankardev Sangha Conference: শংকৰ সংঘৰ অধিবেশনৰ সাম্ভাব্য অধিৱেশনস্থলী পৰিদৰ্শন সংঘৰ বিষয়ববীয়াৰ

author img

By

Published : May 16, 2023, 8:32 AM IST

Srimanta Sankardev Sangha Annual Conference
93 সংখ্যক শংকৰ সংঘৰ অধিৱেশন

93 সংখ্যক শংকৰ সংঘৰ অধিৱেশনৰ বাবে সাম্ভাব্য অধিৱেশনস্থলী পৰিদৰ্শন কৰিলে শংকৰ সংঘৰ বিষয়ববীয়া সকলে । 18 জুনৰ শংকৰ সংঘৰ এখন কাৰ্যনিৰ্বাহক সভাত ঘোষণা কৰা হ’ব ডূড়ান্ত সিদ্ধান্ত (93 rd Srimanta Sankardev Sangha Annual Conference) ৷

ৰঙিয়া, 16 মে’ : ৰঙিয়াত সোমবাৰে 93 সংখ্যক শংকৰ সংঘৰ অধিৱেশনৰ বাবে সাম্ভাব্য অধিৱেশনস্থলী পৰিদৰ্শন কৰিলে শংকৰ সংঘৰ বিষয়ববীয়া সকলে । স্থানীয় ৰাইজৰ লগতে সংঘৰ দলটোৱে ৰঙিয়াৰ মৰাণজানাৰ ভৈয়ৰাৰ হাতীখোলা পথাৰখন সংঘৰ অধিৱেশনৰ বাবে সাম্ভাব্যস্থলী ৰূপে পৰিদৰ্শন কৰে । তদুপৰি, আগন্তুক বৰ্ষৰ অধিৱেশনৰ বাবে ৰঙিয়াৰ হাতীখোলা পথাৰ প্ৰায় নিশ্চিত হৈছে বুলি জানিবলৈ দিয়ে শংকৰ সংঘৰ সত্ৰাধিকাৰে (93 rd Srimanta Sankardev Sangha Annual Conference) ।

প্ৰায় পোন্ধৰশ বিঘা মাটিকালিৰ হাতীখোলা পথাৰখন সংঘৰ অধিৱেশনৰ বাবে সকলো দিশৰ পৰা উপযুক্ত বুলি অভিহিত কৰে সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই । লগতে প্ৰধান সম্পাদকগৰাকীয়ে অধিৱেশনৰ বাবে সমগ্ৰ অসমৰ পৰা অহা পাঁচ লক্ষাধিক ভক্তক আদৰাৰ বাবে হাতীখোলাত তিনিশ শিবিৰ বনাব পৰা যাব বুলিও উল্লেখ কৰে । ইয়াৰ উপৰিও অঞ্চলটো 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে হোৱা হেতুকে যাতায়তৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা হ’ব বুলি দোহাৰে প্ৰধান সম্পাদকগৰাকীয়ে (Srimanta Sankaradeva Sangha) ।

আনহাতে ৰঙিয়াৰ বিষয়ে উল্লেখ কৰি সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই কয় যে ৰঙিয়া ৰঙিয়াল ৰাইজৰ অঞ্চল । ৰঙিয়াৰ ৰাইজে সংঘৰ এই বিশাল অধিৱেশন নিয়াৰিকৈ চলাই নিয়াত সহায়ৰ হাত আগবঢ়াব বুলি আশা প্ৰকাশ কৰে সংঘৰ পদাধিকাৰগৰাকীয়ে । লগতে আগন্তক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনখনিত দেশৰ ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰীকো নিমন্ত্ৰণ জনোৱা হ’ব বুলি জানিবলৈ দিয়ে সংঘৰ কৰ্মকৰ্তাসকলে (Annual conference of Srimanta Sankaradeva Sangha)।

18 জুনত নগাঁৱত শংকৰ সংঘৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব আৰু উক্ত কাৰ্যনিৰ্বাহক সভাতেই অধিৱেশনস্থলী সম্পৰ্কে সিদ্ধান্ত লৈ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে । সোমবাৰে অধিৱেশনস্থলী পৰিদৰ্শন কৰে শংকৰ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, সংঘৰ প্ৰচাৰক মণিৰাম দাস, আদৰণি সমিতিৰ সভাপতি কন্দৰ্প কুমাৰ মহন্ত, ৰঙিয়া জিলাৰ সম্পাদক প্ৰাণেশ্বৰ তালুকদাৰ তথা জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়াই ।

লগতে পঢ়ক : SI Junmoni Rabha: শােকাৱহ পথ দুৰ্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.