গমিৰিৰ অসম গ্ৰামীণ বিকাশ বেংকত চুৰিকাণ্ড, CCTV কেমেৰাৰ আৱদ্ধ চুৰিকাণ্ড

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 2:33 PM IST

thumbnail

বিশ্বনাথ, ৯ জানুৱাৰী: গহপুৰৰ গমিৰিৰ অসম গ্ৰামীণ বিকাশ বেংকত সোমবাৰৰ নিশা সংঘটিত হৈছে চুৰি কাণ্ড । বেংকটোৰ দুৱাৰ ভাঙি ভিতৰলৈ সোমাইছিল চোৰ । চোৰে তিনিটাকৈ ষ্টিলৰ আলমিৰা ভাঙিবলৈ সক্ষম হয় যদিও মূল ল’কাৰ শক্তিশালী হোৱাৰ বাবে কোনো টকা পইচা নিবলৈ সক্ষম নহ'ল । CCTV কেমেৰাৰ দৃশ্য মতে, তিনিজনীয়া চোৰৰ দলটোৱে মূল প্ৰৱেশ দ্বাৰৰে প্ৰৱেশ কৰি ল’কাৰৰ তলা আৰু আলমিৰাসমূহ ভাঙি টকা পইচাৰ সন্ধান চলাই যদিও বিফল হয় ।  

উল্লেখ্য যে পুৱা ৯ বজাত বেংকৰ শাখাটোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জগনাথ উপাধ্যায়ে বেংকত গৈ দুৱাৰ ভঙা দেখি পৰিচালক গৰাকীক খবৰ দিয়ে । ইয়াৰ পিচতহে এই ঘটনাটো পোহৰলৈ আহে । পিচত হেলেম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক:ৰে’ল বিভাগৰ উচ্ছেদক লৈ মৰিয়নীত উত্তপ্ত পৰিস্থিতি; ৰে’লৰ আগত পৰি প্ৰাণ দিয়াৰ হুংকাৰ ভুক্তভোগীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.