Protest on Kokrajhar : টে'ট উত্তীৰ্ণ প্ৰাৰ্থীৰ ধৰ্ণাত উত্তাল কোকৰাঝাৰ

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 9:32 PM IST

thumbnail

কোকৰাঝাৰ, ৩০ ছেপ্টেম্বৰ: বিটিআৰ প্ৰাথমিক টে'ট উত্তীৰ্ণ সন্থাৰ উদ্যোগত শনিবাৰে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত টে'ট উত্তীৰ্ণ প্ৰাৰ্থীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । হাতে হাতে বেনাৰ ,ফেষ্টুন, প্লে-কাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা টে'ট উত্তীৰ্ণ প্ৰাৰ্থীসকলে নিজ দাবীৰ সমৰ্থনত শ্লোগান দিয়ে ।

এই ধৰ্ণা কাৰ্যসূচীৰ অন্তত সন্থাৰ সভাপতি বিষু বৰগয়াৰী আৰু সাধাৰণ সম্পাদক আলংবাৰ দৈমাৰীয়ে কয় যে বিটিআৰত টে'ট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা ১৯,০০০ ৰো অধিক । যোৱা তিনি বছৰে টে'ট উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে শিক্ষক পদৰ এটাও বিজ্ঞাপন বাহিৰ নোহোৱাত বিটিআৰৰ টে'ট উত্তীৰ্ণ প্ৰাৰ্থীসকল গভীৰ সমস্যাত পৰিছে । প্ৰমোদ বড়ো চৰকাৰক অতি শীঘ্ৰেই  শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে আহ্বান জনাই সন্থাই কয় যে বি টি আৰক বাদ দি অসমত তিনি -চাৰিবাৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ল,অথচ বিটিআৰত এবাৰো নহল ।

তেওঁলোকে  প্ৰমোদ বড়ো চৰকাৰৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰি এতিয়াও ২২৪৪ খন বিদ্যালয়ত ছাত্ৰ অনুপাতে শিক্ষক নাই বুলি উল্লেখ কৰি শিক্ষকৰ অভাৱত বিদ্যালয় বন্ধ হৈ যোৱাৰ আশাংকা প্ৰকাশ কৰে । অসম চৰকাৰে শিক্ষক নিযুক্তিৰ বাবে যাৱতীয় অনুমোদন দিয়া সত্বেও বিটিআৰ চৰকাৰে শিক্ষক নিযুক্তিৰ বাবে অদ্যপি বিজ্ঞাপন প্ৰকাশ নকৰাত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰি বিটিআৰ প্ৰাথমিক টে'ট উত্তীৰ্ণ সন্থাই যথাসম্ভৱ শীঘ্ৰে শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে । 

লগতে পঢ়ক:Ranoj Pegu: অক্টোবৰ মাহৰ পৰা বাধ্যতামূলক হ’ব শিক্ষা সেতু পৰ্টেলৰ ব্যৱহাৰ; শিক্ষামন্ত্ৰীৰ ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.