Road accident at Narayanpur: মেজিকৰ খুন্দাত দ খাৱৈত বাগৰি পৰে চিলিণ্ডাৰ ভৰ্তি বাহন

By

Published : Jan 3, 2023, 9:10 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

সোমবাৰে পুৱা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident)৷ মাধৱপুৰস্থিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনাটো (Road accident at Narayanpur)। পথৰ দাঁতিত ৰৈ থকা এখন চিলিণ্ডাৰ ভৰ্তি বাহনত নাৰায়ণপুৰ দিশৰ পৰা আহি থকা এখন ৰঙা ৰঙৰ মেজিকে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত চিলিণ্ডাৰ ভৰ্তি বাহনখন পথৰ কাষত থকা দ খাৱৈত বাগৰি পৰে ৷ দুৰ্ঘটনাত পতিত হোৱা যাত্ৰীবাহী মেজিকখনৰ নম্বৰ AS07 AC 8452 আৰু গেছ চিলিণ্ডাৰ ভৰ্তি বাহনখনৰ নম্বৰ AS 07 AC 9569 ৷ দুৰ্ঘটনাটোত আঘাটপ্ৰাপ্ত বাহন দুখনৰ চালক দুজনক ততালিকে ধলপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় ৷ গেছ ভৰ্তি বাহনখনৰ চালকজন অৰ্থাৎ কলাবাৰীৰ দীপাংকৰ বৰাৰ অৱস্থা বৰ্তমানেও সংকটজনক বুলি জানিব পৰা গৈছে (Two injured in road accident) ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.