Massive Erosion at Jonai: লালী নদীৰ বুকুত বিলীন কৃষকৰ সপোন

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 12:59 PM IST

Updated : Sep 16, 2023, 1:16 PM IST

thumbnail

জোনাই,16 ছেপ্টেম্বৰ : লালী নদীয়ে টোপনী কাঢ়িছে জোনাই ৰাজহ চক্ৰৰ চমকং পঞ্চায়তৰ অন্তৰ্গত চৌৰাংশ্ৰী গাঁৱৰ ৰাইজৰ ৷ লালী নদীৰ তীব্ৰ গৰাখহনীয়াৰ ফলত চিন্তিত হৈ পৰিছে গাঁওখনৰ শতাধিক পৰিয়াল ৷ ইতিমধ্যে গাঁওখনৰ শ শ বিঘা কৃষি ভূমি, ঘৰ-বাৰী মূল্যবান গছ-গছনি আদি বিলীন হৈছে নদীৰ বুকুত । গাঁওখনৰ অৰ্ধ শতাধিক পৰিয়ালে নিৰাপদ স্থান বিচাৰি বিভিন্ন স্থানত অস্থায়ী ঘৰ-বাৰী সাজি অঘৰী জীৱন যাপন কৰিবলগীয়া হৈছে । আনহাতে অসম চৰকাৰৰ কৃষি উন্নয়ন বিভাগৰ তৰফৰ পৰা লালী নদীৰ খহনীয়া পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত গাঁওখনৰ শতাধিক পৰিয়ালৰ খেতি পথাৰ ঘৰ-বাৰী আদি নদীৰ বুকুত বিলীন হৈ যোৱা তথ্যসমূহ সংগ্ৰহ কৰে ৷

পৰিদৰ্শনকাৰী দলটোৱে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰা বুলি উল্লেখ্য কৰে স্থানীয় ৰাইজে ৷ আনহাতে অতি শীঘ্ৰে খহনীয়াগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ প্ৰদান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ ৰাইজে আহ্বান জনাই।

লগতে পঢ়ক:Bodofa Upendra Nath Brahma statue: জোনাইত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন

Last Updated : Sep 16, 2023, 1:16 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.