Erosion in Barpeta: জনীয়াৰ চাউলখোৱা নদীৰ ৰুদ্ৰ ৰূপ

By

Published : Jul 2, 2022, 2:28 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ৰূপাকুচি আৰু কান্দাপাৰাত চাউলখোৱা নদীৰ ভয়ংকৰ গৰাখহনীয়া (Erosion in Barpeta)। ভূটানৰ পানী এৰি দিয়াৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি আহিছে চাউলখোৱা নদীৰ পানী । যাৰ ফলত আৰম্ভ হৈছে ভয়ংকৰ গৰাখহনীয়া (Flood in Jania) । গৰাখহনীয়াৰ ফলত ৰূপাকুচি আৰু কান্দাপাৰা গাওঁৰ আইনাল হক, নহুৰুল হক, বাবৰ আলী আদি কৰি আটাইকেইটা পৰিয়ালৰ মাটি ভেটি নদীৰ বুকুত জাহ গৈছে । ভুক্তভোগী ৰাইজৰ মন্তব্য, খৰালিৰ সময়ত অবৈধ ভাবে মাটি খনন কৰাৰ বাবে এনেদৰে খহনীয়াৰ সৃষ্টি হৈছে । লগতে এই অঞ্চল সমূহত জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ খবৰ নোলোৱাৰো অভিযোগ উত্থাপন কৰে ভুক্তভোগী ৰাইজে । সেয়ে অতি সোনকালে খহনীয়াৰ প্ৰতিৰোধৰ দাবী জনাইছে ৰাইজে ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.