নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাটত চিকিৎসকৰ চেম্বাৰত উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 10:05 PM IST

thumbnail

গোলাঘাট, 8 ডিচেম্বৰ : গোলাঘাটত চিকিৎসকৰ চেম্বাৰত উত্তপ্ত পৰিস্থিতি ৷ এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ ৷ চিকিৎসকে চিকিৎসাত গাফিলতি কৰাৰ বাবেই নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ ৷

অভিযোগ অনুসৰি, গোলাঘাট 2 নং জামুগুৰিৰ প্ৰসূতিগৰাকীক পৰিয়ালৰ লোকে 5 ডিচেম্বৰত পূৰ্বৰে পৰা তেওঁক চিকিৎসা কৰি থকা গুণ কুমাৰ দলে নামৰ চিকিৎসকজনৰ ওচৰলৈ আনিছিল যদিও তেওঁক চিকিৎসকে ভৰ্তি হ’ব নালাগে বুলি কয় ৷ কিন্তু প্ৰসূতিগৰাকীয়ে বিশেষ অসুবিধাৰ সন্মুখীন হোৱাত পিছদিনা অৰ্থাৎ 6 ডিচেম্বৰত তেওঁক গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় পৰিয়ালৰ লোকে ৷ ইয়াতেই মহিলাগৰাকীয়ে এটি মৃত সন্তান প্ৰসৱ কৰে ৷  

ইয়াৰ পাছতেই চিকিৎসক আৰু নাৰ্চে চিকিৎসাত গাফিলতি কৰাৰ বাবে নৱজাতকৰ মৃত্যু হয় বুলি অভিযোগ তুলি প্ৰসূতিগৰাকীৰ পৰিয়ালে চিকিৎসক গুণ কুমাৰ দলেক চেম্বাৰত ঘেৰাও কৰি পৰিস্হিতি উত্তপ্ত কৰি তোলে ৷  ইফালে এই সন্দৰ্ভত চিকিৎসকগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা সমগ্ৰ অভিযোগ অস্বীকাৰ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত গোলাঘাট আৰক্ষী আৰু চি আৰ পি এফৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ 

লগতে পঢ়ক : বহিঃৰাজ্যৰ চিকিৎসকৰ পৰীক্ষাত ওলাল ভয়ংকৰ তথ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.