চিলাপথাৰত পৌৰসভাৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক লৈ উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 9:52 PM IST

thumbnail

ধেমাজি/জোনাই, 5 জানুৱাৰী : চিলাপথাৰ পৌৰসভাৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক কেন্দ্ৰ কৰি তীব্ৰ বাক-বিতণ্ডা, উত্তপ্ত পৰিস্থিতি ৷ পৌৰসভাৰ সভানেত্ৰী লাৱন্য পাইত দলেৰ বিৰুদ্ধে আনিছিল এই অনাস্থা ৷ 12 জনীয়া সদস্যৰ 9 জনে আনিছিল অনাস্থা প্ৰস্তাৱ ৷

চিলাপথাৰ পৌৰসভাৰ কাৰ্যালয়ত আজি ধেমাজি জিলা প্ৰশাসনে আয়োজন কৰিছিল এই সন্দৰ্ভত এক সভাৰ ৷ ইয়াৰ মাজতে চিলাপথাৰত পৌৰসভাৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক লৈ দুই পক্ষৰ মাজত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ উল্লেখযোগ্য যে এমাহ পূৰ্বে বিজেপিৰ দখলত থকা চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰী লাৱন্য পাইত দলেৰ বিৰুদ্ধে দুৰ্নীতি-ভ্ৰষ্টাচাৰ, চৰকাৰী ধন আত্মসাতৰ অভিযোগ তুলি পৌৰসভাৰ 9 গৰাকী ৱাৰ্ড কমিছনাৰে ধেমাজি জিলা আয়ুক্তক দাখিল কৰিছিল অনাস্থা প্ৰস্তাৱ ৷ য’ত বিজেপিৰ 3 জন, কংগ্ৰেছৰ 2 জন আৰু নিৰ্দলীয় 4 গৰাকীয়ে স্বাক্ষৰ কৰে ৷

অনাস্থা প্ৰস্তাৱ দাখিল কৰা মুঠ 9 গৰাকী ৱাৰ্ড কমিছনাৰৰ  এগৰাকীয়ে ইতিমধ্যেই বিজেপি দলত যোগদান কৰে ৷ বাকী থকা 8 গৰাকী ৱাৰ্ড সদস্যকো বিজেপি দলত যোগদান কৰিবলৈ বিভিন্ন সময়ত হেঁচা প্ৰয়োগ কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ 

লগতে পঢ়ক : বালিজান দুৰ্ঘটনাত জড়িত ট্ৰাকৰ তথ্য ৰাজহুৱা কৰিবলৈ দাবী অসমীয়া যুৱ মঞ্চৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.