Tea workers hold protest:কৰম পূজাৰ বন্ধক চৰকাৰে ঘোষণা কৰিলে পেইড হলিডে’, আটছাৰ তীব্ৰ প্ৰতিবাদ - tea workers protest
🎬 Watch Now: Feature Video


Published : September 20, 2023 at 9:33 PM IST
ডিব্ৰুগড়, 20 ছেপ্টেম্বৰ : ৰাজ্যৰ চাহ জনগোষ্ঠীসকলে শুক্লা একাদশীৰ দিনা পালন কৰি অহা কৰম পূজাৰ দিনা লাভ কৰিব 'পেইড হলিডে'। ৰাজ্য চৰকাৰৰ শেহতীয়াকৈ জাৰি কৰা এই জাননীক লৈ বাগিচাই বাগিচাই বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে আটছাই । ডিব্ৰুগড়ৰ বকপাৰাতো ইয়াকে লৈ আটছাই প্ৰতিবাদ সাব্যস্ত কৰে ।
শ শ চাহ শ্ৰমিকে বকপাৰা চাহ বাগিচাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । কৰম পূজাত বন্ধৰ নামত চাহ জনগোষ্ঠীসকলক কৰা প্ৰতাৰণাৰ পৰিণাম বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে ভূগিব লাগিব বুলি স্পষ্ট কৰি দিছে তেওঁলোকে । চৰকাৰৰ এই নিৰ্দেশনা কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে আটছাৰ নেতৃত্বই ।
অন্যহাতে ২৫ ছেপ্টেম্বৰৰ দিনা বাগিচাত শ্ৰমিকসকলক কাম কৰিবলৈ বাধ্য কৰালে বাগিচাই বাগিচাই মন্ত্ৰী-বিধায়কসকলৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি স্পষ্ট কৰি দিয়াৰ লগতে নিৰ্বাচনত বাগিচাত বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিব বুলি ঘোষণা কৰে আটছাই ।
লগতে পঢ়ক : Tea workers protest: কৰম পূজাৰ বন্ধক পেইড হলিডে ঘোষণাক লৈ বালিজান চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ