Tea workers protest at Lahowal : ন্যায্য প্ৰপ্তিৰ দাবীত লাহোৱালৰ হাতীগড় চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 8:17 AM IST

thumbnail

ডিব্ৰুগড়, 14 অক্টোবৰ : পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো সমস্যাৰ ওৰ পৰা নাই চাহ শ্ৰমিকৰ । প্ৰতিদিনে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে চাহ শ্ৰমিকসকলে । কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্যৰ তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিটো দিনতেই জীৱনৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে । ইয়াৰ মাজতে শুকুৰবাৰে লাহোৱালৰ ডিকমত চাহ শ্ৰমিকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

ভাৰতীয় চাহ মজদুৰ সংঘৰ হাতীগড় চাহ বাগিচাৰ শ্ৰমিক গোটৰ উদ্যোগত কেইবা শতাধিক চাহ শ্ৰমিকে এই প্ৰতিবাদ সাব্যস্ত কৰে । হাতীগড় চাহ বাগিচাৰ চাহ শ্ৰমিকসকলৰ 20 % বানচ নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । লগতে চাহ শ্ৰমিকসকলে বাগিচাখনত দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা অন্যান্য কেতবোৰ গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবেও চাহ শ্ৰমিক মহিলাসকলে দাবী উত্থাপন কৰে ।

দীৰ্ঘদিনৰ পৰা দাবী কৰি অহাৰ পাচতো ৰাজ্যৰ শ্ৰমমন্ত্ৰীগৰাকীয়ে শ্ৰমিকসকলৰ সমস্যা সমাধানত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী চাহ শ্ৰমিকসকলে । উল্লেখ্য যে, হাতীগড় চাহ বাগিচাৰ মালিক পক্ষই দুমাহৰ পূৰ্বে বিভিন্ন কাৰণ দেখুৱাই বাগিচাখন বন্ধ কৰি ৰাখিছে ।

ইয়াৰ পাচতে বাগিচাৰ শ্ৰমিকসকলক মজুৰি প্ৰদানৰ ক্ষেত্ৰতো অনিয়ম কৰাৰ লগতে গোপনে বাগিচাখন বিক্ৰী কৰাৰ চক্ৰান্ত কৰা বুলি প্ৰতিবাদকাৰী চাহ শ্ৰমিকে অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক : Murder in Karimganj: পত্নীৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে স্বামীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.