Poachers arrested at Dihing Patkai: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত ৰাইফলসহ ৩ জনক গ্ৰেপ্তাৰ

By

Published : Jan 7, 2023, 1:33 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ কাৰ্যকলাপ অব্যাহত আছে (Activities of poachers at Dihing Patkai)। ইফালে বিভিন্ন সময়ত বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাও দেখা গৈছে । তেনে এক অভিযানৰ মাজতে জয়পুৰ বনাঞ্চলত উদ্ধাৰ ৰাইফলসহ বিভিন্ন অস্ত্ৰ-শস্ত্ৰ (Rifle seized in Jeypore range)। জয়পুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া তথা বনকৰ্মীয়ে ৩ টা সন্দেহযুক্ত চোৰাং চিকাৰীকো গ্ৰেপ্তাৰ কৰে (3 poachers arrested)। কিছুদিন পূৰ্বে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ হুগৰী পথাৰত দুৰ্বৃত্তই কাটি পেলাইছিল ৩০ জোপাকৈ হোলোং গছ (Wood smuggling at Dihing Patkai)। ইয়াৰ পাছতেই তৎপৰ হোৱা দেখা গৈছে বন বিভাগক । শুকুৰবাৰে নিশা জয়পুৰ বন বিভাগে তহল দি থকাৰ সময়তে বনাঞ্চলৰ ভিতৰত এখন বাহনৰ সৈতে প্ৰৱেশ কৰা ৩ অৰুণাচলী দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে দলটোৱে । ৱাংৰাং দাদা, টেইদিয়াপ হেংখে আৰু ৱাংডাম ল'ৱাং নামৰ ৩ দুৰ্বৃত্তৰ পৰা বন বিভাগে তিনিটা ৰাইফল, ১২ টা সজীৱ ৰাইফলৰ কাৰ্টিজ, দুটা মোবাইল ফোন, এখন চোকা অস্ত্ৰ, এটা টৰ্চ লাইট, তাঁৰ আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । অৱশ্যে এই সন্দৰ্ভত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.