Student kidnapped at Amguri : শ্ৰেণীকোঠাৰ পৰা তৃতীয় শ্ৰেণীৰ ছাত্ৰক অপহৰণ দুৰ্বৃত্তৰ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 3:03 PM IST

thumbnail

আমগুৰি, 13 ছেপ্টেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰিত চাঞ্চল্যকৰ ঘটনা ৷ ব্যক্তিগত এখন বিদ্যালয়ত পাঠদান চলি থকা অৱস্থাত শিক্ষয়িত্ৰীক ভয় ভাবুকি প্ৰদান কৰি শ্ৰেণীকোঠাৰ পৰা তৃতীয় শ্ৰেণীৰ এজন ছাত্ৰক অপহৰণ কৰা ঘটনা সংঘটিত হৈছে ৷ আমগুৰিস্থিত মন্টেশ্বৰী জাতীয় বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে ৷ এই ঘটনাৰ পাচতে বিদ্যালয়খনত হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয় । ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মন্টেশ্বৰী জাতীয় বিদ্যালয় কৰ্তৃপক্ষই আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

ইফালে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিদ্যালয়খনৰ শিক্ষয়িত্ৰীৰ অভিযোগ অনুসৰি, তিনি দুৰ্বৃত্তই হঠাৎ শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছিল ৷ তাৰ পাচতে শিক্ষয়িত্ৰীক ভয়-ভাবুকি দেখুৱাই তৃতীয় শ্ৰেণীত অধ্যয়নৰত অনিকেত দুৱৰী নামৰ ছাত্ৰজনক অপহৰণ কৰে । আমগুৰি মাজগাঁৱৰ নিবাসী অভিজিৎ দুৱৰীৰ পুত্ৰ অনিকেত দুৱৰীক অপহৰণৰ ঘটনাই চাঞ্চল্য বিৰাজ কৰে ৷ 

লগতে পঢ়ক :Indegenous Muslims: মুছলমান গোষ্ঠীক বিপথে পৰিচালিত কৰিছে কোনে ? কাৰ ওপৰত খং নেকিবুৰ জামানৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.