Sri Krishna Janmashtami: কলিয়াবৰত শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 5:10 PM IST

thumbnail

কলিয়াবৰ,৬ ছেপ্টেম্বৰ: আজি পবিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী । ভাদ মাহৰ এই পবিত্ৰ তিথিত দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণ জন্মাষ্টমী । শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে কলিয়াবৰৰ ঐতিহাসিক সত্ৰ-নামঘৰসমূহ । কলিয়াবৰৰ সৈতে আছে শ্ৰীকৃষ্ণৰ এক সুকীয়া সম্পৰ্ক ।  

প্ৰচলিত জনশ্ৰুতি মতে, শ্ৰীকৃষ্ণই কুণ্ডিল কন‍্যা ৰূক্মিণীক হৰণ কৰি আহি কলীয়া বৰগছৰ তলত জিৰাই গৈছিল বুলি এক কিম্বদন্তি প্ৰচলিত হৈ আহিছে । মিৰি-ভেটি গাঁৱত থকা এজোপা বৃহৎ বৰগছে তাৰেই সাক্ষ্য বহন কৰিছিল বুলি জনা যায় । তদুপৰি, কলিয়াবৰত অতীতৰে পৰা গুৰুজনাৰ নীতি-আদৰ্শৰে প্ৰতিষ্ঠিত সত্ৰ-নামঘৰসমূহত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ভক্তিভাৱেৰে পালন কৰি আহিছে । কলিয়াবৰৰ নৱপ্ৰজন্মৰ মুখতো প্ৰচলিত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ নাম শুনিবলৈ পোৱা যায় ।

লগতে পঢ়ক: MPLAD Fund: চৈধ্যগৰাকী সাংসদে তিনি বছৰত ব্যয় কৰিব নোৱাৰিলে সমষ্টি উন্নয়নৰ এশ কোটি টকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.