Solar powered fencing: দিহিং পাটকাইত স্থাপন হ'ব সৌৰশক্তি চালিত ফেন্সিং

By

Published : Jun 13, 2023, 1:38 PM IST

thumbnail

নাহৰকটীয়া,১৩ জুন: নাহৰকটীয়াৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কৃষিভূমিত স্থাপন কৰা হব সৌৰশক্তি চালিত ফেন্সিং । হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে চলোৱা হৈছে এই প্ৰচেষ্টা । সোমবাৰে এই সৌৰশক্তি চালিত ফেন্সিঙৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে । জয়পুৰ নগাঘাটৰ পৰা নামৰূপ অভয়পুৰ পৰ্যন্ত প্ৰায় ১৫ কিলোমিটাৰ দৈৰ্ঘৰ এই সৌৰশক্তি পৰিবাহী ফেন্সিঙৰ নিৰ্মাণৰ বাবে ডিএমএফটি  শিতানৰ ২২ লক্ষাধিক টকা ব্যয় কৰা হ'ব বুলি কয় বিধায়ক তৰংগ গগৈয়ে ।  

ইফালে, এই সৌৰচালিত ফেন্সিঙৰ তদাৰক কৰাৰ লগতে হাতীৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ গাঁওকেইখনত গঠন কৰা গোটসমূহৰ মাজত টৰ্চ লাইট আৰু ৰেইন কোট আদি বন বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা হয় ।

উল্লেখ্য যে, জয়পুৰ নগাঘাট অভয়পুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বিগত সময়ত হাতী আৰু মানুহৰ সংঘাতৰ বাবে কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে নিজ নিজ কৃষি পথাৰত কৃষিকৰ্ম কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছিল । হাতী মানুহৰ এনে সংঘাত ৰোধৰ ক্ষেত্ৰত সৌৰ শক্তি পৰিবাহী ফেন্সিং স্থাপনে হাতী আৰু মানুহ দুয়োপক্ষৰ ক্ষতি ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী বিধায়ক তৰংগ গগৈ ।

লগতে পঢ়ক:Tripura Assembly to Digitalization: সম্পূৰ্ণ ডিজিটেল হোৱাৰ দিশে ত্ৰিপুৰা বিধানসভা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.