Fake gold seized: ধুবুৰীৰ ছাগলীয়াত নকল সোণসহ আটক দুই সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 12:53 PM IST

thumbnail

ধুবুৰী, 21 ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছে নকল সোণৰ চোৰাং বেহা ৷ বুধবাৰে ধুবুৰীৰ গোলোকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ছাগলীয়া আৰক্ষী চকীৰ আৰক্ষীয়ে লাভ কৰিছে এক সফলতা ৷ ধুবুৰীৰ ছাগলীয়াত নকল সোণসহ আটক কৰা হয় দুজন ব্যক্তিক ৷ জানিব পৰা মতে, নকল সোণখিনি গৌৰীপুৰৰ পৰা কোচবিহাৰলৈ নি আছিল ধৃত দুই ব্যক্তিয়ে ।

এক গোপন সূত্ৰৰ খবৰৰ পম খেদি ছাগলীয়া আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰোকজ্যোতি দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে AS 17 C 3631 নম্বৰৰ এখন যাত্ৰীবাহী বাছত অভিযান চলায় ৷ এই অভিযানত সন্দেহৱসত আৰক্ষীৰ দলটোৱে আমজাদ আলী আৰু বাৰেক খান নামৰ দুই ব্যক্তিৰ সামগ্ৰীত তালাচী চলায় ৷

আৰক্ষীৰ এই তালাচীত ব্যক্তি দুজনৰ পৰা এক কেজি তিনিশ গ্ৰাম নকল সোণ জব্দ কৰিবলৈ সক্ষম হয় । ধৃত দুই ব্যক্তিৰে ঘৰ গৌৰীপুৰৰ গেৰামাৰীত বুলি জানিব পৰা গৈছে । বাতৰি যুগুত কৰা পৰ্যন্ত আটকাধীন ধৃত দুই লোকক জেৰা চলাই আছে । ধৃত দুই ব্যক্তিৰ সৈতে এটা বৃহৎ নেটৱৰ্ক এটা জড়িত থাকিব পাৰে বুলি ধাৰণা কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : Illegal Cattle Smuggling: ধুবুৰীত ৰাষ্ট্ৰীয় ঘাইপথত মাছ কঢ়িওৱা বাহনত ওলাল চোৰাংভাৱে সৰবৰাহ কৰা গৰু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.