Gold Seized in Bongaigaon: ৰে’লত সোণৰ বিস্কুট কঢ়িয়াই জালত পৰিল বিপিন

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 5:55 PM IST

thumbnail

বঙাইগাঁও, 8 অক্টোবৰ: নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত ৰে’ল আৰক্ষীৰ অভিযান ৷  দেওবাৰে দুপৰীয়া ভাগত নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত আগৰতলা দেওঘৰ সাপ্তাহিক এক্সপ্ৰেছত অভিযান চলাই জি আৰ পিয়ে ৷ অভিযানৰ সময়ত পাঁচখন সোণৰ বিস্কুটসহ এটা সৰবৰাহকাৰীক আটক কৰে ৷

সৰবৰাহকাৰী জনৰ নাম বিপিন কুমাৰ বুলি জানিব পৰা গৈছে ৷ ধৃত বিপিন কুমাৰৰ ঘৰ বিহাৰত বুলি জানিবলৈ দিছে জিআৰপিয়ে ৷ বিপিন কুমাৰৰ পৰা 580 গ্ৰাম সোণ জব্দ কৰে ৷ ঘটনা অনুসৰি, আগৰতলাৰ পৰা অবৈধভাৱে লৈ আহিছিল সোণৰ বিস্কুটখিনি ৷ 

গোপন সূত্ৰৰ পমখেদি ৰে’ল আৰক্ষীয়ে চলোৱা অভিযানত বিপিন কুমাৰৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ সোণখিনি ৷ নিউ বঙাইগাঁও জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ চৌধুৰীৰ নেতৃত্বত চলাইছিল এই অভিযান ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নিউ বঙাইগাঁও জিআৰপিয়ে ৷

লগতে পঢ়ক:Income Tax department raid : বঙাইগাঁও চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.