Drugs seized in Kalgachia: কলগাছিয়াত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

By

Published : Apr 29, 2023, 10:56 PM IST

thumbnail

জনীয়া, ২৯ এপ্ৰিল: কলগাছিয়া আৰক্ষীৰ বৃহৎ সফলতা । কলগাছিয়া আৰক্ষীয়ে পুনৰ এটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে । ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম আমিনুল ইছলাম বুলি জানিবপৰা গৈছে (Smuggler arrested with drugs in Kalgachia) । কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়াৰ ভেৰাগাওস্থিত আমিনুল ইছলামে দীৰ্ঘদিনৰে পৰা ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল (Police against Drugs) ।

আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত তথ্য অনুসৰি কলগাছিয়াৰ ভেৰাগাঁওস্থিত আমিনুল ইছলাম নামৰ এজন যুৱকৰ ঘৰত শুকুৰবাৰে নিশা তালাচী চলাই বুজন পৰিমাণৰ ড্ৰাগছ, এটা মোবাইল আৰু ৫,৫০০ টকা জব্দ কৰি কলগাছিয়া আৰক্ষী থানাত লৈ আহে(Drugs seized in Kalgachia) । পিছমুহূৰ্তত শনিবাৰে ড্ৰাগছ ব্যৱসায়ী আমিনুল ইছলামক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰে । 

লগতে পঢ়ক: CM needs Smart police: শকত তথা দুৰ্নীতিগ্ৰস্ত আৰক্ষীয়ে হেৰুৱাব পাৰে চাকৰি; মুখ্যমন্ত্ৰীৰ হাতত 250 জনীয়া তালিকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.