Fake gold seized: চিৰাঙত নকল সোণসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

By

Published : Aug 13, 2023, 10:03 AM IST

thumbnail

চিৰাঙ, ১৩ আগষ্ট: চিৰাঙৰ বিজনী পাণবাৰীৰ বাল্লিমাৰীত পাণবাৰী আৰক্ষীৰ অভিযান । অভিযানত জব্দ সোণৰ নাও আৰু সোণৰ মূৰ্তি । নকল সোণৰ মূৰ্তি আৰু নাওসহ গ্ৰেপ্তাৰ কৰা হয় হাফীজ আলী নামৰ এটা সৰবৰাহকাৰী ।  

ধৃত হাফীজৰ ঘৰ ধেমাজি জিলাৰ গোগামুখ থানাৰ অন্তৰ্গত ৩ নং সোণাপুৰত । জানিবপৰামতে, লখিমপুৰৰ পৰা লৈ আহিছিল নকল সোণৰ নাও আৰু মূৰ্তিটো । ৬০ লাখ টকাত বন্দবস্ত হৈছিল এজন গ্ৰাহকৰ লগত । জব্দকৃত নাওখনৰ ওজন ১.৬৮০ কিলোগ্ৰাম আৰু মূৰ্তিটোৰ ওজন ১.৭৫০ কিলোগ্ৰাম । ধৃত হাফীজৰ পৰা এটা মোবাইল আৰু ৫১০ টকা জব্দ কৰে পাণবাৰী আৰক্ষীয়ে । 

লগতে পঢ়ক: Road Accident in Jaisalmer: জয়ছালমেৰত বি এছ এফৰ বাহন বাগৰি এজন জোৱানৰ মৃত্যু; আহত 13

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.