Price hike in Assam: লাহৰীঘাটত মূল্যবদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ অৰ্ধ উলংগ প্ৰতিবাদ

By

Published : Aug 21, 2023, 4:15 PM IST

thumbnail

মৰিগাঁও, ২১ আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ লাহৰীঘাটত অব্যাহত আছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ । সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ন কৰিলে প্ৰতিবাদী কাৰ্যসূচী ।

লাহৰীঘাটত মূল্যবদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অৰ্ধ উলংগ প্ৰতিবাদ । ৰাজ্যত হুৰা-হুৰে বৃদ্ধি পাইছে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য। আকাশলঙ্ঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰনত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চৰকাৰ প্ৰশাসন । ইয়াৰে পৰিপ্ৰেক্ষিতত সোমবাৰে এনেদৰে লাহৰীঘাট আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে লাহৰীঘাট বজাৰৰ মাজ মজিয়াত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰে । প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা শাসকীয় বিজেপি চৰকাৰ, যোগান বিভাগক সমালোচনা কৰে ।

লগতে পঢ়ক:Local Natwar Lal in Jorhat: নটৱৰ লাল গেঙক ধৰি ফেচবুকত পোষ্ট যোৰহাট আৰক্ষীৰ; দিলে সাৱধান বাণীও

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.