গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত ৰূপকোঁৱৰক শ্ৰদ্ধাঞ্জলি

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 12:32 PM IST

thumbnail

গহপুৰ,১৭ জানুৱাৰী: আজি ১৭ জানুৱাৰী, শিল্পী দিৱস । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পবিত্ৰ পূণ্য তিথি । শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যত প্ৰতিবছৰে পালন কৰি অহা হৈছে আগৰৱালাদেৱৰ মৃত্যু তিথি তথা শিল্পী দিৱস । ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা জ্যোতিপ্ৰদসাদ আগৰৱালাই অসম আৰু অসমীয়াক দি গৈছে সাহিত্য- সংস্কৃতিৰ মেটমৰা সম্ভাৰ ।  

ৰাজ্যজুৰি আজি মহান শিল্পী গৰাকীক সোঁৱৰণ কৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈছে । প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণস্থলী গহপুৰৰ ভোলাগুৰি চাহ বাগিচা পুৱাৰে পৰা মুখৰিত হৈছে জ্যোতি সংগীতেৰে । ভোলাগুৰিৰ চিত্ৰবন ফ্লীম ষ্টুডিঅ' ৰ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন, পুস্পাঞ্জলি অৰ্পন কৰি শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে গহপুৰবাসীয়ে । 

লগতে পঢ়ক: শিল্পী দিৱসত ৰূপকোঁৱৰৰ সান্নিধ্য লাভ কৰা হৰেন্দ্ৰনাথ শৰ্মাক স্মৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.