আৰক্ষীৰ পৰা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী বিষয়া

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 8:50 PM IST

thumbnail

ৰঙিয়া, 3 জানুৱাৰী : উৎকোচ লৈ পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এজন আৰক্ষী ৷ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ৰঙিয়া থানাৰ উপ-পৰিদৰ্শক ইবো তম্বি সিনহা ৷ পাঁচ হাজাৰ টকা উৎকোচ বিচাৰি হাত দাঙিলে ৰঙিয়া থানা আৰক্ষীৰ উপ পৰিদৰ্শক গৰাকীয়ে ৷

আৰক্ষী বিষয়াগৰাকীয়ে আন এজন আৰক্ষীৰ পৰা সাক্ষী দিয়াৰ বাবে অহা-যোৱা খৰচৰ বাবদ বিচাৰিছিল উৎকোচ ৷ অৱশেষত সাতজনীয়া দুৰ্নীতি নিবাৰক শাখাৰ এটি দলে উৎকোচ লোৱা অৱস্থাত হাতে-লোটে আটক কৰে আৰক্ষী বিষয়াগৰাকীক ৷ জানিব পৰা মতে উপ-পৰিদৰ্শকজনৰ দুবছৰৰ চাকৰি কাল বাকী আছিল ৷ ধৃত উপ-পৰিদৰ্শক জনৰ ঘৰ শিলচৰত ৷ সম্প্ৰতি ৰঙিয়া থানাৰ ভিতৰত জেৰা অব্যাহত ৰাখিছে আৰক্ষী বিষয়াগৰাকীক ৷

জানিব পৰা মতে এজন আৰক্ষী জোৱানৰ পত্নীৰ আত্মহত্যাৰ গোচৰৰ তদন্তকাৰী বিষয়া আছিল এই গৰাকী উপ-পৰিদৰ্শক ইবু তম্বি সিনহা ৷ আদালতত সাক্ষ্য দিবৰ বাবে অহা-যোৱা কৰাৰ বাবদ স্বামী তথা আৰক্ষী জোৱান গৰাকীৰ পৰা উৎকোচ বিচাৰিছিল তদন্তকাৰী বিষয়া ইবু তম্বি সিনহাই ৷ 

লগতে পঢ়ক : বুলড’জাৰৰ কোবত থানবান অবৈধভাৱে নিৰ্মিত গীৰ্জা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.