Protest in Tezpur : ইজৰাইলৰ বিৰুদ্ধে তেজপুৰত SFI, DFY, CITU ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 3:16 PM IST

thumbnail

তেজপুৰ, ১ নৱেম্বৰ : এইবাৰ তেজপুৰত আৰম্ভ হ’ল ইজৰাইল বিৰোধী আন্দোলন । SFI, DYFI আৰু CITU সংগঠনে ইজৰাইলে পেলেষ্টাইনত চলোৱা উগ্ৰপন্থী বিৰোধী যুদ্ধ বন্ধ কৰাৰ দাবীত তেজপুৰ আদালত চাৰিআলিত সাব্যস্ত কৰে প্ৰতিবাদ ৷

যোৱা ৭ অক্টোবৰত পেলেষ্টাইনৰ গাজাৰ পৰা হামাছে ( Hamas অৰ্থাৎ Harakat al-Muqawama al-Islamiya)ই ইজৰাইলক মিচাইলৰে আক্ৰমণ কৰিছিল ৷ তাৰ পাচত প্ৰায় ২০০ ৰো অধিক লোকক অপহৰণ কৰি ইজৰাইলে এই উগ্ৰপন্থী বিৰোধী যুদ্ধ অভিযান চলাইছে ৷ যাৰ বিৰোধিতাৰে আজি ইজৰাইলৰ সংহতি দিৱস দিনটোত SFI , DYFI আৰু CITU লোকসকলে সাব্যস্ত কৰে এই  প্ৰতিবাদ ।

প্ৰতিবাদকাৰীসকলৰ দাবী, ‘‘যি কোনো ধৰণৰ আক্ৰমণ আৰু প্ৰতি আক্ৰমণ বন্ধ হ’ব লাগে ৷ হামাছৰ সৃষ্টিৰ অন্তৰালত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যুদ্ধৰ আঁৰতো আমেৰিকা । গতিকে উগ্ৰপন্থীক বিচাৰি নিৰীহ জনসাধাৰণৰ হত্যা বন্ধ কৰিব লাগে’’ ৷

লগতে পঢ়ক : Akhil Gogoi criticizes Assam Govt: ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ’ব লগীয়া টানেলৰ দায়িত্ব লুই বাৰ্জাৰক নিদিবলৈ দাবী অখিল গগৈৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.