Science Fair in Itakhola: দিনজোৰা কাৰ্যসূচীৰে ইটাখোলাত বিজ্ঞান মেলা

By

Published : Mar 3, 2023, 11:10 AM IST

thumbnail

চতিয়া,৩ মাৰ্চ: ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক, মানসিক উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হয় বিজ্ঞান প্ৰদৰ্শনীৰ দৰে বিশেষ অনুষ্ঠানৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে চতিয়াতো অনুষ্ঠিত হৈ যায় এখনি বিজ্ঞান মেলাৰ । Ethical Tea Partnership, Arya Bhatta Ccience Center আৰু ডিকৰাই চাহ বাগিছাৰ সৌজন্যত বৃহস্পতিবাৰে ইটাখোলাস্থিত কৰ্মচাৰী বিনোদন প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে বিজ্ঞান মেলাখনি অনুষ্ঠিত হয় (Science Fair observed at Itakhola) ।  

উদোক্তাসকলে জানিবলৈ দিয়া অনুসৰি, যোৱা ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে ৰাষ্টীয় বিজ্ঞান দিৱস(National Science Day 2023) উপলক্ষে এই কাৰ্যসূচী সম্পন্ন হ'ব লাগিছিল । কিন্তু অনিবাৰ্য কাৰণবশত অনুষ্ঠিত কৰা হোৱা নাছিল । অৱশেষত বৃহস্পতিবাৰে দিকৰাই চাহ বাগিছাৰ অন্তৰ্গত পাচঁখন ডিভিজনৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত দিনযোৰা কাৰ্যসূচীৰ সৈতে বিজ্ঞান দিৱসটি উদযাপন কৰা হয়(Science Fair observed) । 

লগতে পঢ়ক: HSLC examination starting today : মুঠ ৪,২২,১৭৪ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব এইবাৰৰ মেট্ৰিক পৰীক্ষাত

বিজ্ঞান দিৱস উপলক্ষ্যে বিভিন্ন বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানৰ বিভিন্ন ধৰণৰ প্ৰকল্প নিজ হাতেৰে প্ৰস্তুত কৰি বিজ্ঞান মেলাত প্ৰৰ্দশন কৰে । উক্ত বিজ্ঞান মেলাত প্ৰ'গ্ৰাম বিষয়া হিচাপে উপস্থিত থাকে জোচিলা হ'ৰ', প্ৰীতি তোচা, শিক্ষক অৰুণ গোৱালা, সনাতন তাঁতীসহ কেইবাগৰাকীও বিশিষ্ট লোক । উল্লেখ্য যে, বিজ্ঞান সমাৰোহৰ জৰিয়তে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান বিষয়ৰ প্ৰতি আকৰ্ষিত হোৱাৰ উপৰিও এনে ধৰণৰ অনুষ্ঠানৰ জৰিয়তে বহু পৰিমাণে উপকৃত হ'ব বুলি ব্যক্ত কৰে উদোক্তাই । 

লগতে পঢ়ক: Muga Vanya Krishi Vigyan Mela 2022: মেঘালয়ত আয়োজন মুগা বন্য কৃষি বিজ্ঞান মেলা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.