Srimanta Sankardev Sangha: শংকৰোৎসৱৰ লগতে শংকৰদেৱ সংঘৰ মেলেং শাখাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

By

Published : Oct 22, 2022, 8:42 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ(Sankar utsav 2022) আৰু শংকৰদেৱ সংঘৰ মেলেং আঞ্চলিক শাখাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন (Srimanta Sankardev Sangha Meleng)৷ শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে টীয়কৰ মেলেং আঞ্চলিক শাখাৰ নামঘৰত উদযাপন কৰা অনুষ্ঠানটোৰ প্ৰথম দিনাৰ কাৰ্যসূচীত পতাকা উত্তোলন, মূল তোৰণ উন্মোচন, সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি বিভিন্ন কাৰ্যসূচী সমাপন কৰা হয় ৷ শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অন্তৰ্গত যোৰহাট জিলা শাখাৰ সাহিত্য শাখাৰ সভাপতি যোগেন চন্দ্ৰ নায়কৰ সভাপতিত্বত অনুস্থিত হোৱা স্মৃতিগ্ৰন্থ উন্মোচনী সভাত জিলা সাহিত্য শাখাৰ প্ৰাক্তন সভাপতি খগেন ফুকন উপস্থিত থাকি অমৃত সাগৰ শীৰ্ষক এখনি স্মৃতিগ্ৰন্থ শুভ উন্মোচন কৰে । উক্ত উন্মোচনী সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈ(Srimanta Sankardeva Sangha Padadhikar), যোৰহাট জিলাৰ সভাপতি মুকুল গগৈকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ গ্ৰন্থ উন্মোচনীৰ পাছতে আই মাতৃ সমাৰোহ অনুষ্ঠিত হয় ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.