Sankaradeva Birth Anniversary: মাজুলীত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ তম জন্মোৎসৱ উদযাপন

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 8:20 PM IST

thumbnail

মাজুলী,২৩ ছেপ্টেম্বৰ: সত্ৰ নগৰী মাজুলীত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ ৫৭৫ তম জন্মোৎসৱ উদযাপন । জিলাখনৰ ৩৫ খনকৈ সত্ৰ আৰু প্ৰায় তিনি শতাধিক নামঘৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ তম জন্মোৎসৱভাগি আয়োজন হয় । সত্ৰ নামঘৰৰ উপৰিও মাজুলীৰ বিভিন্ন ৰাজহুৱা স্থানতো আয়োজন কৰা হয় গুৰুজনাৰ জন্মোৎসৱ ভাগ । সত্ৰ নগৰী মাজুলীৰ মেখেলিগাঁও আঞ্চলিক যুৱক সংঘৰ সৌজন্যত আন বছৰৰ দৰে এইবাৰো আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱৰ আয়োজন কৰা হয় ।  

শ্ৰীমন্ত শংকৰদেৱ ৫৭৫ তম জন্মোৎসৱৰ বাবে গাঁওখনত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । খোল-তালৰ মাতে মুখৰিত হৈ পৰিছে গাঁৱৰ পৰিৱেশ । আজি প্ৰথম দিন, প্ৰথম দিনা পুৱাৰ ভাগত পতাকা উত্তোলন, উষা-কীৰ্ত্তনেৰে আৰম্ভ হোৱাৰ পিছতে বৰগীত, দিহানামৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । দেওবাৰে পুৱা ভাগৱত শোভাযাত্ৰা কৰাৰ উপৰিও দিনৰ ভাগত গাঁওখনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা শংকৰদেৱৰ ৰচিত কেলি গোপাল নাটক খনি মঞ্চস্থ কৰিব আৰু নিশালৈ মেখেলিগাঁও আঞ্চলিক যুৱক সংঘৰ যুৱক বৃন্দৰ দ্বাৰা 'নৃসিংহ মুৰাৰী' ভাওনা প্ৰদৰ্শন কৰা হব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।  

লগতে পঢ়ক: Rahul Gandhi scooter ride : জয়পুৰৰ ৰাস্তাত ছাত্ৰীৰ স্কুটাৰত উঠিল ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.