Sand Mafia Arrested: কলগাছিয়াত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ বালি মাফিয়া

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 10:39 PM IST

thumbnail

জনিয়া, 03 ছেপ্তেম্বৰ : কলগাছিয়াত গোবৰধনা আৰক্ষীৰ অভিযান ৷ অভিযানত শিল, বালিৰ ছিণ্ডিকেট চলাই গ্ৰেপ্তাৰ হ’ল কলগাছিয়াৰ বেছিমাৰী গাঁৱৰ আলিফুল ইছলাম ওৰফে বুলবুল ৷ কলগাছিয়াস্থিত প্ৰগতি অফছেট প্ৰেছত তদন্তকাৰী আৰক্ষীৰ দল ৷

জানিব পৰা মতে কলগাছিয়াৰ প্ৰগতি অফছেট প্ৰেছৰ পৰা মাফিয়াটোৱে প্ৰিন্ট কৰিছিল বালি ছিণ্ডিকেটৰ ৰছিদ ৷ অবৈধ চালান প্ৰিন্টিং কৰি আলিফুল ইছলামে চলাইছিল বালি ছিণ্ডিকেট ৷ বালি মাফিয়া আলিফুল ইছলামে অবৈধভাৱে চালান প্ৰিন্টিং কৰি বিপথে পৰিচালিত কৰিছিল প্ৰগতি অফছেটৰ স্বত্বাধীকাৰী নুৰুল ইছলামক ৷

দেওবাৰে বালি মাফিয়া আলিফুলক লগত লৈ গোবৰধনা আৰক্ষীয়ে কলগাছিয়াস্থিত প্ৰগতি অফছেটত অভিযান চলাই দুটাকৈ কম্পিউটাৰৰ ছিপিঅ', এটা ষ্টাম্প বনোৱা হিটাৰ আৰু এটা প্ৰিন্টিং মেচিন জব্দ কৰি লৈ যায় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সাংবাদিকক মন্তব্য দিয়াৰ পৰা বিৰত থকাৰ লগতে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷  

উল্লেখ্য যে দীৰ্ঘদিনৰে পৰাই আলিফুল ইছলামে (বুলবুল) চৰকাৰক ৰাজহ ফাঁকি দি অবৈধভাৱে শিল, বালিৰ ছিণ্ডিকেট চলাই আহিছিল ৷ এইটো বালি মাফিয়াই নিজাববীয়াকৈ ভুৱা চালান ব্যৱহাৰ কৰি বেকী নদীৰ পৰা অবৈধভাৱে সৰবৰাহ কৰি আহিছিল শিল, বালি ৷  

লগতে পঢ়ক : Tinsukia News: তিনিচুকীয়াত আটচা নেতাক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.