All Assam Sports Shooting Championship: সদৌ অসম স্পৰ্টচ শ্বুটিং চেম্পিয়নশ্বিপত ৰূপৰ পদক আজুৰিলে সামৰিণ হুছেইনে

By

Published : Jul 27, 2023, 10:51 PM IST

thumbnail

নাহৰকটীয়া, ২৭ জুলাই:  গুৱাহাটীৰ কাহিলীপাৰাত আছাম ৰাইফলছ আৰু শ্বুটিং এছচিয়েশ্যনে ৰাজ্য ভিত্তিত অনুষ্ঠিত কৰা ১৮ সংখ্যক সদৌ অসম স্পৰ্টচ শ্বুটিং চেম্পিয়নশ্বিপত সামৰিন হুছেইনে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, দুলীয়াজনৰ জেছমিন হুছেইনৰ একমাত্ৰ কন্যা তথা দুলীয়াজান চেণ্ট জেভিয়াৰ্ছ হায়াৰ চেকেণ্ডেৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী সামৰিণে গুৱাহাটী গীতানগৰস্থিত কুৰুক্ষেত্ৰ শ্বুটিং একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে একাডেমীৰ হৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। 

ৰাজ্যখনৰ ভিতৰতে দ্বিতীয় স্থান দখলেৰে ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱা সাৰমিণ হুছেইনে আগন্তুক ২১ আৰু ২২ আগষ্টত শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া জ'নেল লেভেলৰ প্ৰতিযোগীতাৰ বাবেও যোগ্যতা অৰ্জন কৰিছে। ইফালে সামৰিণৰ এই সফলতাত তাই অধ্যয়নৰত বিদ্যালয়খনৰ লগতে তৈলনগৰী দুলিয়াজানবাসী উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। 
লগতে পঢ়ক: India Taekwondo champion of champions: সোণৰ পদক লাভ অসম সন্তানৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.