Safai karamchari strike: আমৰণ অনশন ভংগ কৰিলে ক’ভিড চাফাই কৰ্মীয়ে

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 3:42 PM IST

thumbnail

গুৱাহাটী, ২১ ছেপ্টেম্বৰ : ন্যায্য প্ৰাপ্তিৰ দাবীত বিগত ১১ ছেপ্টেম্বৰৰ পৰা চচলৰ ধর্ণাস্থলীত ক’ভিড চাফাই কৰ্মীসকলে কৰা আমৰণ অনশন কাৰ্যসূচী বৃহস্পতিবাৰে সাময়িকভাৱে ভংগ কৰে । যোৱা এঘাৰ দিন ধৰি অনাহাৰে আমৰণ অনশনত বহা জ্যেষ্ঠ চাফাই কৰ্মী কৰুণা কান্ত পাঠকক পানী আৰু ফল খুৱাই আমৰণ অনশন ভংগ কৰোৱালে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা আৰু মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই ।

তেওঁলোকে কয় যে, চাফাই কৰ্মীসকলে যোৱা ১১ দিন ধৰি ন্যায্য প্ৰাপ্তিৰ বাবে চচলত প্ৰতিবাদ কৰাৰ পিচতো তেওঁলোকৰ খবৰ লবলৈ চৰকাৰৰ তৰফৰ পৰা কোনো লোক উপস্থিত নোহোৱাটো চৰম দুৰ্ভাগ্যজনক । গণত্ৰান্ত্ৰিকভাৱে কৰা প্ৰতিবাদৰ ভাষাক চৰকাৰে অবহেলা কৰিছে, অবজ্ঞা কৰিছে । চৰকাৰৰ এয়া সততা আৰু আন্তৰিকতাৰ অভাৱ বুলি ব্যক্ত কৰে তেওঁলোকে ।

অনশন ভংগ কৰি সংবাদ মাধ্যমৰ আগত চাফাই কৰ্মী কৰুণা কান্ত পাঠকে কয় যে, পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে অনশন কাৰ্যসূচী স্থগিত ৰখা হৈছে । আগন্তুক এমাহৰ ভিতৰত চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে পুনৰ চচলৰ ধৰ্ণাস্থলীত সহস্ৰাধিক চাফাই কৰ্মীয়ে আমৰণ অনশন কাৰ্যসূচীত বহিবলৈ বাধ্য হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে ।

লগতে পঢ়ক : Safai karamchari on hunger strike:চচলত দশম দিনাও চাফাই কৰ্মীৰ আমৰণ অনশন কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.