গোলাঘাটত পথ সুৰক্ষা মাহৰ শুভাৰম্ভ বিধায়ক মৃণাল শইকীয়াৰ

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 9:04 PM IST

thumbnail

গোলাঘাট, 16 জানুৱাৰী : দিনক দিনে বৃদ্ধি পাবলৈ ধৰা পথ দুৰ্ঘটনাক লৈ শংকিত হৈছে ৰাজ্য চৰকাৰৰ লগতে প্ৰত্যেকগৰাকী ব্যক্তি । কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ উদ্যোগত পথ সুৰক্ষাক লৈ বিভিন্ন সময়ত কৰি অহা হৈছে বিভিন্ন কাৰ্যসূচী । তাৰ পাচতো কিন্তু দৈনিক সংঘটিত হৈ আহিছে সৰু বৰ পথ দুৰ্ঘটনা । চৰকাৰৰ নিৰ্দেশ মৰ্মে দেশত এইবাৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন কৰা হৈছে ।

গোলাঘাট জিলাৰ পৰিবহণ বিভাগে খুমটাই সমষ্টিটো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে । গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত বিধায়ক মৃণাল শইকীয়াই শুভাৰম্ভণি কৰে পথ সুৰক্ষা মাহৰ । পথত যাতায়ত কৰা প্ৰতিজন লোককে সজাগতাৰ বাবে দিয়া হয় গোহাৰি পত্ৰ ৷

“পথ সুৰক্ষা জীৱন ৰক্ষা” শ্ল’গানেৰে সকলোকে সজাগ হৈ যাতায়ত কৰাৰ আহ্বান বিধায়ক মৃণাল শইকীয়াৰ ৷ লগতে কেনেধৰণে সুৰক্ষিতভাৱে যাতায়ত কৰিব লাগে সেই বিষয়ে সকলোকে অৱগত কৰে গোলাঘাট জিলাৰ জিলা পৰিবহণ বিষয়াৰ লগতে অনান্য বিষয়াসকলে ।

লগতে পঢ়ক : গোনা ম’হৰ যুঁজত কঁপিল মৰিগাঁৱৰ পথাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.