Road accident at Sarbhog: সৰভোগৰত পথ দুর্ঘটনাত শিশুসহ আহত ছয়

By

Published : Mar 8, 2023, 4:54 PM IST

thumbnail

বৰপেৰাটাৰোড, ৮ মাৰ্চ: বৰপেটা জিলাৰ সৰভোগৰ কামাৰগাঁৱত মঙলবাৰে নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident in Sarbhog)। দৌল উৎসৱ উপলক্ষে আয়োজিত নাগাৰা নাম অনুষ্ঠান উপভোগ কৰিবলৈ আহি বাইক আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষ হোৱাত শিশুসহ ৬গৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷ এই দুৰ্ঘটনাটোত মঞ্জিল দাস, তপন চৌধুৰী, কৰণ চৌধুৰী, উপাসনা দাস, ৰমিলা চৌধুৰী, আৰু কুঞ্জলতা দাস গুৰুতৰভাৱে আহত হয় (Road accident in Barpeta)।  

জানিব পৰা মতে, ই-ৰিক্সাখনৰ যাত্ৰীসকলে দৌল উৎসৱ উপলক্ষে আয়োজিত নাগৰা নাম উপভোগ কৰি ঘৰলৈ উভতি অহাৰ সময়ত সৰভোগৰ দিশৰ পৰা তীব্ৰ গতিত অহা KA 05 HQ 2044 নম্বৰৰ বাইকখনক প্ৰথমে এখন চাৰিচকীয়া বাহনে খুন্দিয়ায় (Holi in Barpeta) ৷ এই ঘটনাত বাইক চালক মঞ্জিল দাসে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁৰ সন্মুখত থকা ই-ৰিক্সাখনক খুন্দা মাৰে ।  

পিছত এই দুৰ্ঘটনাটোত আহত লোকসকলক সৰভোগৰ সমূহীয়া স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ আহত লোকসকলে সৰভোগৰ প্ৰাথমিক চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসা নোপোৱা বাবে ক্ষুদ্ধ হৈ পৰে স্থানীয় ৰাইজ।  গুৰুতৰভাৱে আহত ইয়াৰে দুজনক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । ইপিনে, সৰভোগৰ চিকিৎসালয়ত এম্বুলেঞ্চ সেৱা আৰু চিকিৎসক নথকাৰো অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।  

লগতে পঢ়ক:Volleyball training in Morigaon: মৰিগাঁৱৰ চিকাবড়ীত চাৰি বিদেশী প্ৰশিক্ষকৰে মত বিনিময় ভলীবল খেলুৱৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.