নিশা যোৰহাট টাউনৰ মাজমজিয়াত ট্ৰাকৰ চেপাত নিহত বাইক আৰোহী

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 11:57 AM IST

thumbnail

যোৰহাট, 3 ডিচেম্বৰ : যোৰহাটৰ মাৰোৱাৰী পট্টিত শনিবাৰে নিশা সংঘটিত হয় এক শোকাবহ ঘটনা ৷ ট্ৰাকে মহটিয়াই নিলে এখন বাইকক ৷ ফলত বাইক আৰোহী অমন ঝা নামৰ যুৱকজন থিতাতে মৃত্যু হয় ৷ ঘটনা অনুসৰি গড়আলি দিশৰ পৰা মাৰোৱাৰী পট্টি দিশে আহি আছিল এখন ট্ৰাক ৷ তেনে সময়তে একে দিশে আহি থকা বাইকখন মহতিয়াই লৈ যায় ট্ৰাকখনে ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে NL 01 AF 9195 আৰু বাইখনৰ নম্বৰ AS 03 G 2401 ৷ ইফালে নিশাৰ ভাগতে দুৰ্ঘটনাস্থলীত উপস্থিত হয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকক আটক কৰা লগতে ট্ৰাকখন যোৰহাট আৰক্ষীয়ে জব্দ কৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি, যোৰহাট যান-বাহন আৰক্ষীৰ সোপা-ঢিলা নীতিৰ বাবে যোৰহাট নগৰৰ মাজমজিয়াত একাংশ মালবাহী ট্ৰাকৰ দৌৰাত্ম্য চলে ৷ ফলত ব্যস্ততাপূৰ্ণ স্থানসমূহত প্ৰায়ে সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি উল্লেখ কৰে ৰাইজে ৷

লগতে পঢ়ক : তিতাবৰৰ জানত কাৰ অৰ্ধগলিত মৃতদেহ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.