Constituency delimitation 2023: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই বিজেপিৰহে স্বাৰ্থ সুৰক্ষিত কৰিব- ৰিপুন বৰা

By

Published : Jun 27, 2023, 3:53 PM IST

thumbnail

শিৱসাগৰ, 27 জুন :"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই অসমৰ খিলঞ্জীয়াক সুৰক্ষিত কৰিব, প্ৰকৃততে ই সম্পূৰ্ণ আভুৱা ভাৰা কথাহে, ই কোনো কাৰণত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত নকৰে ৷ এই খচৰাই বিজেপিৰ স্বাৰ্থ সুৰক্ষা কৰিব, হিন্দী বলয়ৰ স্বাৰ্থ সুৰক্ষিত কৰিব ৷ আমি চৰকাৰক এই খচৰা বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছো ৷ অসম চৰকাৰে 2026 চনলৈ সমষ্টি নিৰ্ধাৰণৰ সময়লৈ ৰোৱা হ’লে মহাভাৰতখন অশুদ্ধ নহ’লহেতেন ৷" শিৱসাগৰত তৃণমূল কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰাই এই মন্তব্য প্ৰকাশ কৰে ৷ যোৱা 20 জুনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পিচতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷  

এই খচৰাৰ বিৰোধিতা কৰি মঙলবাৰে শিৱসাগৰত তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই জয়সাগৰ তিনি আলিৰ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ৰিপুন বৰাই বিজেপি দলক তীব্ৰ সমালোচনা কৰি বৰাই কোনো কাৰণত এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা মানি লোৱা নহয় বুলি স্পষ্ট কৰি দিয়ে ৷ 

অসমত এখন শুদ্ধ এনআৰচি নোহোৱাকৈ, 2026 চনত হ'বলগীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নৰৈ কাৰ স্বাৰ্থত সলনি হৈছে বুলি তেওঁ প্ৰশ্ন কৰে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত খিলঞ্জীয়াৰ সমষ্টি বিলুপ্তকৰণ, থলুৱা জনগোষ্ঠীক সমষ্টি পুনৰ গঠনৰ নামত ভাগ ভাগ কৰি বিজেপি দলে নিজৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা বুলি তেওঁ সমালোচনা কৰে ৷

লগতে পঢ়ক: Protest at Guwahati Refinery: নতুন গৃহৰক্ষী জোৱান নিযুক্তিৰ দাবীত গুৱাহাটী শোধনাগাৰৰ সন্মুখত প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.