Teok Rhinos roam free update : দুটাকৈ গঁড়ে নিদ্ৰা হৰিছে ঢেকীয়াখোৱাৰ ৰাইজৰ

By

Published : Dec 30, 2022, 7:24 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

শুকুৰবাৰে পুৱা টীয়কৰ ঢেকীয়াখোৱাৰ তিনিকুৰীয়া পথাৰত দুটা প্ৰাপ্ত বয়ষ্ক গঁড়ৰ মুক্ত বিচৰণে সকলোকে আতংকিত কৰি তুলিছে (Rhinoceros roam free at Dhekiakhowa) । গঁড় দুটা কাজিৰঙা অভয়াৰণ্যৰ পৰা অহা বুলি ধাৰণা কৰা হৈছে । উক্ত স্থানত যোৰহাট বন বিভাগৰ (Jorhat Forest Department) লোক উপস্থিত হৈ গঁড় কেইটা পুনৰ কাজিৰঙা লৈ উভতাই পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ জানিব পৰা মতে, এটা গঁড় ঢেকীয়াখোৱা পথাৰত বিচৰণ কৰি থকাৰ বিপৰীতে আনটো তিনিকুৰীয়া হাবিত সোমাই আছিল (Rhinoceros roam free) ৷ অৱশ্যে বহু অপেক্ষাৰ অন্তত বন বিভাগৰ তৎপৰতাত তথা ৰাইজৰ সহযোগিতাত গঁড়টো তিনিকুৰীয়া গাঁৱৰ হাবিৰ পৰা এখন মুকলি পথাৰলৈ খেদি পঠাবলৈ সক্ষম হৈছে । এই গঁড় দুটাক কাজিৰঙাৰ দিশে খেদিবলৈ বন বিভাগে অহৰহ প্ৰচেষ্টা চলাই আছে ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.