Rhino menace: দিখৌমুখত গঁড়ৰ মুক্ত বিচৰণ

By

Published : Jun 6, 2023, 10:54 AM IST

thumbnail

আমগুৰি, ৬ জুন : শিৱসাগৰ জিলাৰ দিখৌমুখত গঁড়ৰ মুক্ত বিচৰণ । দিখৌমুখ কলিয়ৰী পথাৰত মুক্ত বিচৰণ কৰিছে এটা গঁড়ে । পুৱা স্থানীয় লোকে পথাৰত প্ৰত্যক্ষ কৰে গঁড়টো ।  গঁড় চাবলৈ উৎসুক ৰাইজৰ ভীৰ (Rhino roams freely) । বৰ্তমানলৈকে শিৱসাগৰৰ বন বিভাগ গঁড়ৰ বিচৰণস্থলীত উপস্থিত হোৱা নাই ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে গঁড়ৰ মুক্ত বিচৰণ । মৰিয়নীত দুদিনমান পূৰ্বে দেখিবলৈ পোৱা গৈছিল গঁড়ৰ মুক্ত বিচৰণ । আনহাতে যোৱা বছৰো দিখৌমুখত বিচৰণ কৰিছিল গঁড়ে । এইবাৰ পুনৰ কলিয়ৰী পথাৰত এটা গঁড় আজি পুৱা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।  গঁড়ৰ মুক্ত বিচৰণত শংকিত হৈ উঠিছে স্থানীয় লোক । ইতিমধ্যে গৌৰীসাগৰ আৰক্ষী কলিয়ৰী অঞ্চললৈ ৰাওনা হৈছে । 

লগতে পঢ়ক : Dacoit Arrested: আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.