Rhino at Kaliabor : কলিয়াবৰত গঁড়ৰ মুক্ত বিচৰণ

By

Published : Jul 2, 2023, 2:19 PM IST

thumbnail

কলিয়াবৰ, 2 জুলাই: নিশা কলিয়াবৰৰ কামাখ্যা গাঁৱত গঁড়ৰ মুক্ত বিচৰণ ৷ কামাখ্যা গাঁৱৰ ধাননি পথাৰত বিচৰণ কৰি আছিল গঁড়টোৱে ৷ পথাৰত কঠিয়া খাই তহিলং কৰে গঁড়টোৱে ৷ বিগত কিছুদিন ধৰি কামাখ্যা পাহাৰত গঁড়টোৱে কাজিৰঙাৰ পৰা ওলায় আহি কামাখ্যা গাঁওখনত মুক্ত বিচৰণ কৰা বুলি জানিবলৈ পৰা গৈছে । 

কাজিৰঙাৰ পৰা নিশা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলায় আহে গঁড়টো । উল্লেখ্য যে, পাহাৰ তথা বনাঞ্চলৰ সংখ্যা ক্ৰমাৎ কমি অহাত ৰাজ্যত বৃদ্ধি পাইছে মানুহ-বন্য জন্তুৰ সংঘাত ৷ এই সংঘাতৰ ফলত সৰ্বসাধাৰণ লোক ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে ৷ তথাপিও উন্নয়নৰ নামত ৰাজ্যত অব্যাহত আছে বনাঞ্চল ধ্বংস কাৰ্য ৷

লগতে পঢ়ক :  Constituency delimitation : মূলসুঁতিৰ অসমীয়াৰ সৈতে সম্পৰ্ক নথকাবোৰেহে সমষ্টি পুননিৰ্ধাৰণৰ বিৰোধিতা কৰিব

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.