Republic Day in Bilashipara: বিলাসীপাৰাত মহকুমাধিপতিয়ে উত্তোলন কৰিলে জাতীয় পতাকা

By

Published : Jan 26, 2023, 2:15 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বিলাসীপাৰা, ২৬ জানুৱাৰী:দেশজুৰি আজি অৰ্থাৎ বৃহস্পতিবাৰে ৭৪ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হৈছে (74th Republic Day in India)। দেশৰ বিভিন্ন প্ৰন্তৰ লগতে অসমতো এই দিৱস উদযাপন কৰা হৈছে । অসমৰ প্ৰতিখন জিলাৰ সদৰৰ লগতে মহকুমা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস বৰ্ণাঢ্য় কাৰ্যসূচীৰে ৰূপায়ণ কৰা হৈছে । ইতিমধ্য়ে পুৱাই ৰাজ্য়খনৰ বিদ্যালয়-মহাবিদ্য়ালয়, চৰকাৰী কাৰ্যালয়,ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানসমূহত জাতীয় পতাকা উত্তোল কৰা হৈছে ।

ধুবুৰী জিলাৰ বিলাসীপাৰাতো ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় (74th Republic Day celebrated at Bilashipara)। বিলাসীপাৰা আই এন এ খেল পথাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰা হয় । বিলাসীপাৰাৰ মহকুমাধিপতি মনোৰঞ্জন পায়েঙে উত্তোলন কৰে জাতীয় পতাকা (Sub Divisional officer hoists the National Flag)। ইয়াৰ পিছতে অসম আৰক্ষী, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে এন চি চি,গাঁওৰক্ষী বাহিনীৰ সদস্য়সকলে প্ৰদৰ্শন কৰা পেৰেডৰ অভিবাদন গ্ৰহণ কৰে মহকুমাধিপত মনোৰঞ্জন পায়েঙে ।

ইয়াৰ সৈতে সংগতি ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগ, মহকুমা কৃষি বিভাগ, মীন বিভাগ, শিক্ষা বিভাগ, নতুন ভোটাৰক সজাগতা কৰাৰ উদ্দেশ্যে খেল পথাৰত বিভিন্ন কাৰ্যসুচীৰ আয়োজন কৰা হয় । মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ বেচা-কিনা নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহীৰ লগতে কেবাগৰাকী বিশিষ্ট ।

উল্লেখ্য় যে গণৰাজ্য দিৱসৰ (Republic Day) দিনটোতে ভাৰত চৰকাৰ আইন, ১৯৩৫ৰ (Government of India Ac) সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল । পিছত এয়াই দেশ পৰিচালনাৰ নথিৰূপে পৰিগণিত হয় । ভাৰতৰ সংবিধান সভাই (Constituent Assembly of India) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানখন অনুমোদন জনাইছিল । ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন গণতান্ত্ৰিক দেশ হিচাপে পৰিগণিত হয় । ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱাইছিল । সেইবাবে এই দিনটোকে গণৰাজ্য দিৱসৰ বাবে বাছনি কৰা হয় ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.