Womens reservation Bill: নাৰী শক্তি বন্দন অধিনয়ম শীঘ্ৰে ৰূপায়ণৰ দাবী সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 9:51 AM IST

thumbnail

নগাঁও, ২২ ছেপ্টেম্বৰ: সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱা আৰু ভাৰপ্ৰাপ্ত সম্পাদিকা আয়েফা বেগমৰ নেতৃত্বত নাৰী শক্তি বন্দন অধিনয়ম অতিশীঘ্ৰে ৰূপায়ণ কৰাৰ দাবীৰে সাব্যস্ত তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি প্ৰেছ বিবৃতিৰ জৰিয়তে জনাই যে, মোদী চৰকাৰে সংসদৰ অপ্ৰত্যাশিত বিশেষ অধিবেশন আহ্বান কৰি খৰখেদাকৈ বিধানসভা আৰু লোকসভাত মহিলাৰ আসন সংৰক্ষণ বিধেয়কখন প্ৰণয়ন কৰিলে ।  

কিন্তু জনগণনা সম্পূৰ্ণ হোৱাৰ পিছত তথা বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ র্নিদ্ধাৰণৰ প্রক্রিয়া চলোৱাৰ পাছতহে ৰূপায়িত হ'ব । অৰ্থাৎ আইনখন ৰূপায়ণৰ কোনো নিৰ্দ্দিষ্ট সময়সীমা নাই । সেয়ে এই বিধেয়কক এতিয়াই ৰূপায়ণ কৰিবলৈ কোনে বাধা দিছে বুলি মোদী চৰকাৰক নেত্রী দুগৰাকীয়ে জবাব দিহি কৰে । 

নেত্রী দুগৰাকীয়ে লগতে কয় যে মহিলাৰ সংৰক্ষণ আইনখন মহিলাৰ ন্যাৰ্য অধিকাৰ কিন্তু বিজেপি চৰকাৰখনে এই অধিকাৰক লৈ যি কৰিছে সেয়া হৈছে মহিলাৰ বিৰুদ্ধে খোলাখুলিকৈ কৰা প্রতাৰণাহে ।  

২০২৪ ৰ নিৰ্বাচনত নাৰী সমাজে নিশ্চয়কৈ ইয়াৰ যোগ্য প্রত্যুত্তৰ দিব । বিজেপি চৰকাৰৰ এই প্রতাৰণাৰ বিৰুদ্ধে সন্থাৰ জিলা সমিতিয়ে জনোৱা আহ্বান মৰ্মে দলংঘাট ব্লক সমিতিয়ে বগৰিগুৰিত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে "মহিলা সংৰক্ষণ আইন এতিয়াই ৰূপায়ন কৰক", "মহিলা সংৰক্ষণ আইনক নিৰ্ব্বাচনী চমকলৈ পৰিণত কৰা নচলিব" শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক: Youth missing news: নাৰায়ণপুৰৰ জামুগুৰিৰ পৰা নিৰুদ্দেশ ১৯ বছৰীয়া দিপিকান্ত মিলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.